ETV Bharat / state

Asian Shooting Championships 2023: পঞ্চদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন হৃদয় হাজৰিকাৰ - হৃদয় হাজৰিকা

হৃদয় হাজৰিকাৰ আন এক সফলতা ৷ পঞ্চদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত 10 মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত স্বৰ্ণ পদক অৰ্জন হৃদয় হাজৰিকাৰ ৷

Asian Shooting Championships 2023
স্বৰ্ণ পদক অৰ্জন হৃদয় হাজৰিকাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:52 PM IST

বিহপুৰীয়া, 27 অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ হৃদয় হাজৰিকাৰ আন এক সফলতা ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা নাৰায়ণপুৰৰ নিবাসী ড৹ শৰৎ হাজৰিকাৰ পুত্ৰ হৃদয় হাজৰিকাৰ পঞ্চদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত এই সফলতা ৷ 10 মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত স্বৰ্ণ পদক অৰ্জন হৃদয় হাজৰিকাৰ ৷

দক্ষিণ কোৰিয়াত অনুষ্ঠিত প্ৰতিযোগিতাখনত হৃদয়ৰ সতীৰ্থ আছিল অৰ্জুন বাবুটা আৰু দিব্যাংশ সিং পানৱাৰ ৷ ভাৰতীয় দলটোৱে চূড়ান্ত ৰাউণ্ডত 1892.4 পইণ্ট স্ক’ৰত স্বৰ্ণ জয় কৰাৰ বিপৰীতে চীনে ৰূপ আৰু জাপানে ব্ৰঞ্জৰ পদক অৰ্জন কৰে প্ৰতিযোগিতাখনত৷

হৃদয়ৰ এই সফলতা উৎফুল্লিত লখিমপুৰ জিলাৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজ ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা বিভিন্ন শ্বুটিং প্ৰতিযোগিতাত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা যুৱ শ্বুটাৰ গৰাকীয়ে শ্বুটিং বিশ্বকাপতো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ইণ্টাৰনেশ্যনেল শ্বুটিং স্পৰ্টচ ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত বিশ্বকাপ খেলৰ বাকোত অনুস্থিত 10 মিটাৰ এয়াৰ ৰাইফল মিক্সড ইভেণ্টত হৃদয়ে লাভ কৰিছিল ৰূপৰ পদক ৷ ইয়াৰোপৰি চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চিনিয়ৰ শাখাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰতিভাৱান খেলুৱৈ হৃদয় হাজৰিকাই ৷

পিলজেনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত 50 সংখ্যক গ্ৰেণ্ড প্ৰিক্সৰ চূড়ান্ত খেলত 228.2 পইন্ট সংগ্ৰহ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল হৃদয়ে ৷

পঞ্চদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৬২৬.৭ ছেকেণ্ডত হৃদয় হাজৰিকাই কোৱালিফাইংত ২১ নম্বৰ স্থান দখল কৰে ৷ পুৰুষৰ দলৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত অৰ্জুন বাবুতা, দিব্যাংশ সিং পানৱাৰ আৰু হৃদয় হাজৰিকাই মুঠ ১৮৯২.৪ স্ক’ৰেৰে স্বৰ্ণ পদক লাভ কৰি চীনক পৰাস্ত কৰি শীৰ্ষ প’ডিয়ামত স্থান লাভ কৰে ৷

লগতে পঢ়ক : Para Asian Games 2023 : পেৰা এছিয়ান গেমছৰ চতুৰ্থ দিন; ভাৰতৰ অভিলেখ সংখ্যক ৭৩ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.