বিহপুৰীয়া, 12 জানুৱাৰীঃ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত পুনৰ জিলিকিল অসমীয়া যুৱতী ৷ এক অ-সাধাৰণ প্ৰতিভাৰ বলত লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে নাৰায়ণপুৰ ধলপুৰৰ জীয়ৰী প্ৰিয়ংকা শৰ্মাই ।
এটি সাধাৰণ 1 ইন্সি কেপচুলৰ ওপৰত মাত্ৰ 31 ছেকেণ্ডত এডাল এলুমিনিয়াম তাঁৰেৰে এটি মনোগ্ৰাহী গণেশৰ ছবি অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকাই শৰ্মাই ।
আপুনি হয়তো চিকিৎসালয়ত বেমাৰ নিৰ্মূল হ’বৰ বাবে চিকিৎসাকে দিয়া কেপচুলটি গ্ৰহণ কৰিছে ৷ কিন্তু তেনে এটি সাধাৰণ 1 ইন্সি কেপচুলৰ ওপৰত মাত্ৰ 31 ছেকেণ্ডত ধলপুৰৰ জীয়ৰী প্ৰিয়ংকা শৰ্মাই চিত্ৰ অংকণ কৰিবলৈ সক্ষম হৈছে ৷ যাক লৈ এতিয়া গৌৰৱান্বিত অঞ্চলবাসী ৷
অনহাতে, প্ৰিয়ংকাৰ এনে প্ৰতিভাক উৎসাহ যোগাইছে তেওঁৰ স্বামী মনোৎপল শইকীয়া আৰু পিতৃ মাতৃয়ে ৷ যাৰ বাবে নাৰায়ণপুৰ ধলপুৰলৈয়ে নহয়, সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰিয়ংকা শৰ্মাই ৷