বিহপুৰীয়া, 10 ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাং নৈত অবৈধভাৱে শিল আৰু বালিৰ খনন হোৱাৰ অভিযোগ ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দায়িত্বত থকা বন বিভাগৰ লগত গোপন বুজাবুজিৰে মহলদাৰে শিল আৰু বালিৰ অবৈধ খনন কাৰ্য চলাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিষ্ণুপ্ৰতিম বৰা নামৰ এগৰাকী মহলদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷
অভিযোগ অনুসৰি, লখিমপুৰ জিলাৰ হাৰমতিস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দোৰপাং নৈৰ শিল-বালিৰ কোৱাৰীটোত বিগত বহু দিন ধৰি বিষ্ণুপ্ৰতিম বৰা নামৰ মহলদাৰজনে বন বিভাগৰ লগত গোপন বুজাবুজিৰে অবৈধভাৱে খননকাৰ্য চলাই আহিছে ৷
জানিব পৰা মতে, বন বিভাগে দোৰপাং নৈৰ ওপৰত থকা পকী দলঙখনৰ নামনি অংশৰ পাঁচশ মিটাৰ পৰ্যন্ত খনন বন্ধ কৰাৰ লগতে ওপৰৰ অংশটো দুশ মিটাৰ পৰ্যন্ত খনন বন্ধ ৰাখিছিল ৷ কিন্তু, দলঙ খনৰ নিৰাপত্তাৰ খাতিৰত উক্ত অংশত খনন বন্ধ ৰখাৰ পাছতো মহলদাৰ বিষ্ণুপ্ৰতীম বৰাই বিভাগীয় নীতি-নিৰ্দেশনাক কেৰেপ নকৰি বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে শিল বালিৰ অবৈধ বেহা চলাই আহিছে ৷
অভিযোগ অনুসৰি, মহলদাৰ বৰাই একাংশ এজেন্ট নিয়োগ কৰি দিনৰ পোহৰতে দৈনিক সৰবৰাহ কৰি আহিছে শিল আৰু বালি ভৰ্তি ট্ৰেক্টৰ আৰু ডাম্পাৰ ৷ বিভাগীয় নীতি অনুসৰি শিল আৰু বালি সৰবৰাহ কৰা ট্ৰেক্টৰ আৰু ডাম্পাৰসমূহক প্ৰতিবাৰতে একোখনকৈ চালান দিব লাগে যদিও মহলদাৰ জনে চালানৰ কোনো ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷
এনেক্ষেত্ৰত চৰকাৰে ৰাজহ হেৰুৱাৰ লগতে জিলাখনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ শূণ্য সহনশীলতাৰ নীতি প্ৰসহনত পৰিণত হৈছে বুলি একাংশ সচেতন ৰাইজে মত ব্যক্ত কৰিছে ৷
লগতে পঢ়ক:বিধানসভা নিৰ্বাচনত লখিমপুৰত সমূহীয়াকৈ ভোট বৰ্জন কৰিব 25 খন গাঁৱৰ ৰাইজে