ETV Bharat / state

ঐতিহাসিক মৰিডিক্ৰংগুৰি পূজা মণ্ডপত ভক্তৰ ভিৰ

author img

By

Published : Oct 24, 2020, 6:39 PM IST

সম্পূৰ্ণ অনাড়ম্বৰভাৱে অথবা জাকজমকতা নোহোৱাকৈয়ে অতি সাধাৰণভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হৈছে দেৱী দশভূজাৰ বন্দনা ৷ ইয়াৰ মাজতে নাৰায়ণপুৰৰ ঐতিহাসিক মৰিডিক্ৰংগুৰি পূজা মণ্ডপত পৰিলক্ষিত হৈছে যথেষ্ট সংখ্যক ভক্তৰ সমাগম ৷

Historical moridiknagguri puja at Narayanpur
ঐতিহাসিক মৰিডিক্ৰংগুৰি পূজা মণ্ডপত ভক্তৰ ভিৰ

নাৰায়ণপুৰ, 24 অক্টোবৰ: প্ৰতিকূল বতৰ আৰু কোভিড-19 ৰ ভয়াৱহতাৰ মাজতে ৰাজ্যজুৰি উদযাপন কৰা হৈছে দেৱী দুৰ্গাৰ পূজা ৷ কিন্তু এইবাৰ পূজাত নাই পূৰ্বৰ উচ্চাহ-উদ্দীপনা ৷ পূজা মণ্ডপত নাই পূৰ্বৰ দৰে ভক্তৰ ভিৰ ৷ কিন্তু ইয়াৰে মাজতেই বৈদিক ৰীতি নীতিৰে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গতিনীশিনীৰ পূজা ৷ সম্পূৰ্ণ অনাড়ম্বৰভাৱে অথবা জাকজমকতা নোহোৱাকৈয়ে অতি সাধাৰণভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হৈছে দেৱী দশভূজাৰ বন্দনা ৷ ইয়াৰ মাজতে নাৰায়ণপুৰৰ ঐতিহাসিক মৰিডিক্ৰংগুৰি পূজা মণ্ডপত পৰিলক্ষিত হৈছে যথেষ্ট সংখ্যক ভক্তৰ সমাগম ৷ 80 বছৰীয়া দুৰ্গা পূজা মণ্ডপটোত মা দূৰ্গাৰ আশীৰ্বাদ ল'বলৈ দূৰ-দূৰণিৰ পৰা আগমন ঘটিছে অগনন ভক্তৰ ৷

উল্লেখ্য যে, সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মানি পূজাভাগ উদযাপন কৰিছে উদযাপন সমিতিয়ে ৷ লগতে ভক্ত সকলেও মানি চলিছে চৰকাৰী নিৰ্দেশনা ৷ উল্লেখ্য যে, বিগত বৰ্ষসমূহত নাৰায়ণপুৰত তিনি-চাৰিটা স্থানত দুৰ্গা পূজা উদযাপন কৰা হয় যদিও এই বৰ্ষত কেৱল কেৱল দুটা স্থানতহে উদযাপন কৰে হৈছে পূজা ৷ তাৰে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াৰ একমাত্ৰ পূজা মণ্ডপত কেৱল চণ্ডীপাঠৰহে ব্যৱস্থা কৰা হৈছে ৷ মৰিডিক্ৰংগুৰিৰ পূজা মণ্ডপত মা-দূৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে যদিও প্ৰতিকূল বতৰ আৰু কোভিড-19 ৰ ভয়াবহাৰ বাবে পূৰ্বৰ তুলনাত যথেষ্ট কম ভক্তৰ উপস্থিতি পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ বৰষাৰাণী বিষয়াৰ বাসগৃহত দূৰ্গা পূজা উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.