ETV Bharat / state

অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ - himanta biswa sarmah

মন্ত্ৰী শৰ্মাই সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাৰ ফটোৰ পাছফালে বদৰুদ্দিনৰ ফটো দেখা পাই কিন্তু বিজেপি প্ৰাৰ্থী অমিয় ভূঞাৰ ফটোৰ পাছফালে নৰেন্দ্ৰ মোডীৰ ফটো দেখা পায় বুলি কটাক্ষ কৰে ৷

HIMANTA BISWA SARMAH ELECTION CAMPAIGN IN LAKHIMPUR
বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 20, 2021, 9:03 PM IST

বিহপুৰীয়া,20 মাৰ্চ: লখিমপুৰৰ বিহপুৰীয়াত শনিবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মন্ত্ৰী শৰ্মাই সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাৰ ফটোৰ পাছফালে বদৰুদ্দিনৰ ফটো দেখা পাই কিন্তু বিজেপিৰ প্ৰাৰ্থী অমিয় ভূঞাৰ ফটোৰ পাছফালে নৰেন্দ্ৰ মোডীৰ ফটো দেখা পায় বুলি কটাক্ষ কৰে ৷ তেওঁ লগতে অমিয় ভূঞাক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোডীক ভোট দিয়া বুলি প্ৰকাশ কৰে ৷

কিন্তু ভূপেন বৰা, ৰিপুণ বৰাই অসমখনক বদৰুদ্দিনক বিক্ৰী কৰি দিব বুলি মন্তব্য কৰে ৷ তেওঁ লগতে এই নিৰ্বাচন সভ্যতা-সংস্কৃতিৰ যুঁজ বুলি উল্লেখ কৰি বিজেপিক ভোট দি জাতিসত্বাক জীয়াই ৰখাৰ বাবে আহ্বান জনায় ৷ তেওঁ আজমলক দিছপুৰৰ বৰঘৰলৈ লৈ আনিব নোৱাৰো বুলি মন্তব্য কৰি মাইক্ৰ’ফাইনেঞ্চৰ লোণ পৰিশোধ কৰা হ'ব বুলি সভাত উল্লেখ কৰে ৷

বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰ লগতে ২০২২ চনৰ মাৰ্চ মাহৰ পূৰ্বে এক লাখ যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলিও জানিবলৈ দিয়ে ৷ আনহাতে, স্বয়ং আঁচনি ১০ লাখ যুৱক-যুৱতীক প্ৰদান কৰা, অৰুণোদয় আঁচনি ৮৩০ টকাৰ পৰিবৰ্তে ৩,০০০ টকালৈ বৃদ্ধি, আত্মসহায়ক গোটক প্ৰথমতে এক লাখ আৰু পৰৱৰ্তী সময়ত দুই লাখ টকা দিয়া হ'ব বুলিও সভাত উল্লেখ কৰে ৷

লগতে পঢ়ক: বিজেপিৰ চৰকাৰ হ'লে ভূমি পট্টা প্ৰদান কৰা হ'ব: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.