ETV Bharat / state

নাৰায়ণপুৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন - লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 52 সংখ্যক ওপজা দিন । লখিমপুৰৰ নাৰায়ণপুৰত কেক কাটি মন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰিলে হিমন্ত বিশ্ব শৰ্মা ফল'ৱাৰ্ছ গ্ৰুপে । এই অনুষ্ঠানতে বিহপুৰীয়া সমষ্টিৰ 50 জন বিশেষভাৱে সক্ষম লোকক হুইল চেয়াৰ প্ৰদান কৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীয়ে ।

আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫২ সংখ্যক ওপজা দিন

author img

By

Published : Feb 1, 2021, 3:51 PM IST

বিহপুৰীয়া, 1 ফেব্ৰুৱাৰী : আজি বিচক্ষণ ৰাজনীতিবিদ তথা ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন ৷ তেওঁৰ অনুৰাগীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিছে প্ৰিয় ৰাজনৈতিক নেতাজনৰ 52 সংখ্যক জন্মদিন ৷ লখিমপুৰৰ নাৰায়ণপুৰতো হিমন্ত বিশ্ব শৰ্মা ফল'ৱাৰ্ছ গ্ৰুপে কেক কাটি জন্মদিন উদযাপন কৰে ৷ মন্ত্ৰীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰে অনুৰাগীসকলে ।

মন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে বিহপুৰীয়া সমষ্টিৰ 50 জন বিশেষভাৱে সক্ষম লোকক হুইল চেয়াৰ প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীয়ে ৷ হিমন্ত বিশ্ব শৰ্মা ফল'ৱাৰ্ছ গ্ৰুপৰ কাৰ্যালয়ত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকে বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা, নাৰায়ণপুৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি হৰিশ চন্দৰ লগতে মন্ত্ৰীগৰাকীৰ বহুসংখ্যক অনুৰাগী ৷

লগতে পঢ়ক:গুৱাহাটী জিএছ ৰোডত সোমবাৰে মুকলি হ'ল দুখনকৈ পদপথ সেঁতু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.