ETV Bharat / state

Eco toursim at Ghunasuti: কেনে আছে জংকি পানেইৰ দেশখন ? - Tourism potential ignored

ঐতিহাসিক ঘুনাসূতি ৷ পৰ্যটনৰ সম্ভাৱনাৰে পৰিপূৰ্ণ ঘুনাসূতি (Ghunasuti is a huge potential for eco toursim) ৷ যেন এনে লাগে সোৱণশিৰিয়ে হাত বাউলি মাতিছে সকলোকে (Eco toursim at Ghunasuti) ৷ জংকি পানেইৰ দেশত আছে পৰ্যটনৰ অনেক সমল ৷ পিছে কেনে আছে জংকি পানেইৰ দেশখন ? সবিশেষ এই প্ৰতিবেদনত...

Eco toursim at Ghunasuti
কেনে আছে জংকি পানেইৰ দেশখন ?
author img

By

Published : Feb 11, 2022, 7:45 PM IST

লখিমপুৰ, 11 ফেব্ৰুৱাৰী : চালে চকু ৰোৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মেটমৰা ভঁৰাল ঐতিহাসিক ঘুনাসূতি ৷ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰীৰ পটভূমি লখিমপুৰৰ এই ঐতিহাসিক ঘুনাসূতি ৷ এই ঘুনাসূতিয়ে দুহাট উজাৰি মেলি দিছে পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ (Ghunasuti is a huge potential for eco toursim)। কিয়নো পৰ্যটনৰ মেটমৰা সম্ভাৰেৰে সমৃদ্ধ হৈ আছে জংকি পানেইৰ দেশ লখিমপুৰৰ ঘুনাসূতি ।

ৰূপোৱালী বালিৰ চৰ, কল্লোলিনী জল তৰংগ, ঝাও বনৰ বিনন্দিয়া শাৰী অথবা সহজ সৰল মিচিং সমাজৰ আতিথ্য৷ জংকি পানেইৰ দেশৰ এই নৈসৰ্গিক শোভাৰ নিৰ্মল জলপ্ৰবাহে মোহাছন্ন কৰে সকলোকে ৷ এক কথাত ক’ব পাৰি যে, যথেষ্ট সম্ভাৱনা থকা তথা পৰ্যটনৰ কেন্দ্ৰ হিচাবে গঢ় লৈ উঠিব পৰা স্থান হৈছে ঘুনাসূতি (Eco toursim at Ghunasuti) ৷

কেনে আছে জংকি পানেইৰ দেশখন ?

এনে চকু চাট মৰা অথবা মন প্ৰাণ হৰি নিয়া সৌন্দর্যই এতিয়া হাত বাউল দি মাতিছে পৰ্যটকক ।

পৰ্যটনৰ কোনো সা-সুবিধা নথকা স্বত্বেও ঐতিহাসিক ঘুনাসূতিত ভৰি থৈছে বহু সৌন্দর্য পিপাসু পৰ্যটকে, পাণ কৰিছে ঘুনাসূতিৰ ৰসসূধা । কিন্তু পৰিতাপৰ বিষয়ে যে, আজিও চৰকাৰীভাৱে অৱলেহিত হৈ আছে জংকি পানেইৰ দেশ লখিমপুৰৰ ঘুনাসূতি (Tourism potential ignored) ৷ যদি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে জংকি পানেইৰ দেশক সজাই পৰাই তুলে তেন্তে আৰু অধিক সৌন্দৰ্যৰ মেটমৰা ভঁৰাল হ’ব ঘুনাসূতি (Beautiful tourist place Ghunasuti in Lakhimpur) ৷

স্থানীয় ৰাইজৰো আহ্বান, পৰ্যটনৰ অচিলাৰে আকৌ এবাৰ দেশে-বিদেশে উচ্চাৰিত হওক জংকি পানেইৰ দেশ ঘুনাসূতিৰ নাম । পৰ্যটকৰ হৃদয়ত খোদিত হওক জংকি পানেইৰ নিটোল প্ৰেমৰ কাহিনী ।

লগতে পঢ়ক : Tourism potential ignored : প্ৰচুৰ সম্ভৱনা স্বত্বেও পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুঠিল নগাঁৱৰ এখন ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.