ETV Bharat / state

পদ যাত্ৰা কৰি বিহপুৰীয়া সমষ্টিৰ চেঁচা নদীৰ দলং পৰিদৰ্শন গৌৰৱ গগৈৰ - Gaurav Gogoi visited the bridge of Sacha

বিহপুৰীয়া সমষ্টি পুনৰ বাৰ দখল কৰাৰ উদ্দেশ্য বুধবাৰে এক পদ যাত্ৰাত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ এই পদৰ যাত্ৰা জৰিয়তে বিহপুৰীয়া আৰু গহপুৰ সমষ্টি সংযোগি চেঁচা নদীৰ দলং খন পৰিদৰ্শন কৰে গৌৰৱ গগৈয়ে ৷

Gaurav Gogoi visited the bridge of Sacha river in Bihpuria constituency
পদ যাত্ৰা কৰি বিহপুৰীয়া সমষ্টিৰ চেঁচা নদীৰ দলং পৰিদৰ্শন গৌৰৱ গগৈৰ
author img

By

Published : Feb 17, 2021, 9:21 PM IST

বিহপুৰীয়া, 17 ফেব্ৰুৱাৰী : 1951 ৰ পৰা 2011 চনলৈ সৰ্বমুঠ 6 বাৰকৈ কংগ্ৰেছৰ দখলত থকা বিহপুৰীয়া সমষ্টি পুনৰ বাৰ দখল কৰাৰ উদ্দেশ্য বুধবাৰে এক পদ যাত্ৰাত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ সমষ্টিটোৰ শিমলুগুৰি অঞ্চলত উলিওৱা উক্ত পদযাত্ৰাত গৌৰৱ গগৈৰ লগতে কেইবাকুৰি কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

এই পদৰ যাত্ৰা জৰিয়তে বিহপুৰীয়া আৰু গহপুৰ সমষ্টি সংযোগী চেঁচা নদীৰ দলং খন পৰিদৰ্শন কৰে গৌৰৱ গগৈয়ে ৷ উল্লেখ্যে যে, প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা কাৰ্যকালত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত দলৰ নেতা ৰাহুল গান্ধীয়ে আধাৰশিলা স্থাপন কৰিছিল চেঁচা নদীৰ এই দলং খন ৷

পদ যাত্ৰা কৰি বিহপুৰীয়া সমষ্টিৰ চেঁচা নদীৰ দলং পৰিদৰ্শন গৌৰৱ গগৈৰ

দলংখন পৰিদৰ্শন কৰাৰ পৰত সাংবাদিকক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, চেঁচা নৈৰ ওপৰত নিৰ্মীয়মাণ দলং খনৰ জৰিয়তে সমষ্টি দুটাৰ মাজত যাতায়তৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ’ল ৷ পিতৃৰ সপোন আছিল চেঁচা নদীৰ দলং নিৰ্মাণৰ পিছত নিজে উন্মোচন কৰাৰ । সেই সপোন বাস্তৱায়িত নহ'ল বুলি মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ।

'শাসকীয় বিজেপি চৰকাৰৰ কাৰ্যকালত নিৰ্মাণ হ’লেও এই দলং খনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাই ৷' সাংবাদিকক আগত গৌৰৱ গগৈয়ে কয় ৷

দলং পৰিদৰ্শন কালত গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰা ৷

লগতে পঢ়ক: 4.7 প্ৰাব্যল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.