বিহপুৰীয়া,19 মাৰ্চ : ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শুকুৰবাৰে বিহপুৰীয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে । সমষ্টিটোৰ অন্তৰ্গত বহু পথাৰ আৰু ব্লক তিনি আলিত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপিয়ে চুড়ান্ত ভয় খাইছে বাবেই অসমলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় নেতাৰ সোঁত বৈছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
ইয়াৰ লগতে, অসম কংগ্ৰেছৰ শক্তিশালী নেতা ভূপেন কুমাৰ বৰাক এইবাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলিও দাবী কৰে সাংসদ গৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা