ETV Bharat / state

নতুন শিক্ষানীতি ৰূপায়ণৰ বিশেষজ্ঞ কমিটীৰ মুখ্য দায়িত্বত অসম সন্তান ড০ কিৰণ হাজৰিকা - বিশ্ববিদ্যালয়

নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে ৯ জনীয়া বিশেষজ্ঞ কমিটী গঠন । বিশেষজ্ঞ কমিটীৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হ'ল অসম সন্তান ড০ কিৰণ হাজৰিকা ।

অসম সন্তান ড০ কিৰণ হাজৰিকাক কেন্দ্ৰৰ বিশেষজ্ঞ কমিটীৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ

author img

By

Published : Oct 15, 2020, 2:01 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: সদ্য ঘোষিত নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে গঠন কৰা বিশেষজ্ঞ কমিটীৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম সন্তান ড০ কিৰণ হাজৰিকাক। ২০১৮ চনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল হাজৰিকা। উত্তৰ লক্ষিমপুৰৰ বচাগাঁৱত জন্মগ্ৰহণ কৰা ড০ কিৰণ হাজৰিকাই ইয়াৰ পূৰ্বে টেঙাখাত মহাবিদ্যালয়ত অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে।

যোৱা ১১ অক্টোবৰত গঠন হোৱা ৯ জনীয়া বিশেষজ্ঞ কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম সন্তানগৰাকীক। কমিটীখনত নাম সন্নিৱিষ্ট হোৱা আন সদস্যকেইগৰাকী হৈছে তামিলনাডুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট তিৰুচিৰাপল্লীৰ সঞ্চালক ড০ ভীমাৰায় মেট্ৰী, নতুন দিল্লী সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সচিব অধ্যাপক ৰাজীৱ কুমাৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় জম্মুৰ উপাচাৰ্য অশোক আইমা, নয়ডাৰ আই টি আই টি আই ই এছ ছেক্টৰ স্কীল কাউন্সিল এণ্ড পি ভি নাছকমৰ কাৰ্যবাহী সঞ্চালক ড০ সন্ধ্যা চিন্তলা, গুৰগাঁৱৰ শ্ৰী বিশ্বকৰ্মা দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰাজ নেহৰু, ইউ জি চিৰ যুটীয়া সচিব ক্ৰমে ড০ সুৰেন্দ্ৰ সিং আৰু বিকাশ গুপ্তা আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আলোক কুমাৰ ৰায়।

শিক্ষকৰ প্ৰশিক্ষণ, শিক্ষাৰ্থীৰ অধ্যয়ণ শৈলী উন্নীতকৰণ, ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিকে ধৰি বিভিন্ন বিষয় পৰ্যালোচনা কৰি সেই মতে শিক্ষানীতি ৰূপায়ণৰ কৰিব এই ৯ জনীয়া বিশেষজ্ঞ কমিটীখনে। আগন্তুক ৩০ দিনৰ ভিতৰত কমিটীখনে কাৰ্য পৰিকল্পনা দাখিল কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক:প্ৰশ্নকাকত ফাদিল চৰকাৰৰ মূল আঁচনি: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.