বিহপুৰীয়া,28 মে': ক'ভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল এটা তেজৰ দালাল । মোজাম্মিল আলী নামৰ দাদালটোক নিজ বাসগৃহৰ পৰা আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে ৷ 'টিম হিউমেনিটি' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ তৎপৰতাত পোহৰলৈ আহে লখিমপুৰত চলি থকা তেজৰ কলা ব্যৱসায়ৰ কথা ৷ গোপন খবৰৰ ভিত্তিত 'টিম হিউমেনিটি'য়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতি ইউনিট তেজৰ বিনিময়ত দালালটোৱে 20 হাজাৰ টকা বিচাৰিছিল আৰু টকা বিচাৰিয়েই দালালটো জালত পৰে ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এটা বৃহৎ দালাল চক্ৰই দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে ৷ লগতে এই দালাল চক্ৰটোৰ লগত একাংশ চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা 'টিম হিউমেনিটি' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৷
লগতে পঢ়কঃ নৃত্য গীতেৰে মুখৰিত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ