ETV Bharat / state

Sattriya Nritya performances : বিদেশী যুৱতীৰ কন্ঠত কৃষ্ণ বন্দনা, বিদেশতো সমাদৃত সত্ৰীয়া সংগীত আৰু নৃত্য

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:26 PM IST

বিদেশী যুৱতীৰ কন্ঠত কৃষ্ণ বন্দনা । সত্ৰীয়া সংগীতৰ লয় লাস নৃত্য বিদেশী যুৱতীৰ । অসমৰ সত্ৰীয়া সংগীত এতিয়া দেশে বিদেশে সমাদৃত ।

Foreign girls learning Sattriya Nritya and Sattriya Sangeet
বিদেশী যুৱতীৰ কন্ঠত কৃষ্ণ বন্দনা
বিদেশী যুৱতীৰ কন্ঠত কৃষ্ণ বন্দনা

লখিমপুৰ ২৮ ছেপ্টেম্বৰ : অসমৰ সত্ৰীয়া সংগীত অথবা মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ কথা ন কৈ কোৱাৰ প্ৰয়োজন নাই । শেহতীয়াকৈ অসমৰ সত্ৰীয়া সংগীতে দেশে দেশে সমাদৃত হৈছে । বিদেশী ৰমনীৰ কন্ঠত নিগৰিছে কৃষ্ণ বন্দনা । বিদেশী ৰমনীৰ কন্ঠত - ‘‘কৃষ্ণায় বসুদেৱায় দৈৱকী নন্দনায় চ’’ ।

বিশ্বৰ দেশে দেশে প্ৰসাৰ অসমৰ সত্ৰীয়া সংগীত । যি সময়ত অসমৰ উঠি অহা প্ৰজন্মৰ একাংশই নিজৰ ঐতিহ্যবাহী সংস্কৃতিৰ ধাৰা এৰি পাশ্চাত্য সংস্কৃতিক আঁকোৱালি লোৱা বুলি সৰ্বত্ৰে চৰ্চা চলিছে ৷ তেনে সময়ত অসমৰ সত্ৰীয়া সংগীতৰ ধাৰা দেশে দেশে সমাদৃত হৈছে ।

বিদেশৰ বহু যুৱক যুৱতীয়ে অসমৰ সত্ৰীয়া সংগীতৰ প্ৰতি আকৃষ্ট হৈ শিকিছে গাবলৈ। শিকিছে নৃত্য কৰিবলৈ । বিদেশী ৰমনীৰ কন্ঠত ধ্বনিত হৈছে কৃষ্ণায় বসুদেৱায় দৈৱকী নন্দনায় চ সংগীত । অসমৰ সংগীত সত্ৰই দীৰ্ঘদিন ধৰি সত্ৰীয়া সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টা কৰাৰ পাচত শেহতীয়াকৈ সফলতা লাভ কৰিছে ।

উল্লেখ্য যে, সত্ৰীয়া সংগীতৰ বাবে যোৱা ২৪ ছেপ্টেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনত । কিয়নো সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ পৰীক্ষাৰ্থীয়ে মুকলি কৰিলে সত্ৰীয়া সংগীতৰ বাবে এক নতুন দিশ ।

প্ৰথমবাৰৰ বাবে ৭ বছৰৰ শিক্ষা লৈ সত্ৰীয়া গুণীন পৰীক্ষাত অৱতীৰ্ণ হৈছে বিদেশী আৰু অসমৰ বাহিৰৰ লোক । পদ্মশ্ৰী ঘনকান্ত পৰা বৰবায়নৰ নেতৃত্বত ৫০ বছৰীয়া সংগীত সত্ৰ পৰীক্ষা পৰিষদে সচিব ৰঞ্জুমণি শইকীয়াৰ তৎপৰতাত তদানীন্তন উপ নিয়ন্ত্ৰক সুৰজিৎ ভূঞাৰ পৰিকল্পনাত পাতনি তৰা দেশে বিদেশে সত্ৰীয়া সংগীতৰ বিদ্যায়তনিক শিক্ষাৰ আৰম্ভণি হৈছিল দিল্লী ,মুম্বাই, পুণে আৰু আমেৰিকাত ।

ইয়াৰে দিল্লীৰ সত্ৰীয়া নৃত্যশালা মীনাক্ষি মেধিৰ পৰিচালনাত পৰৱৰ্তী সময়ত নয়দালৈ স্থানান্তৰিত হয় । ৭ বছৰীয়া শিক্ষাৰ প্ৰথম দলটি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ৩২ গৰাকী পৰীক্ষাৰ্থীৰ কেন্দ্ৰটিৰ চূড়ান্ত তিনিগৰাকীৰ এগৰাকী ফ্ৰান্সৰ, এগৰাকী উত্তৰ প্ৰদেশৰ ।

আনহাতে, অৱতীৰ্ণ সকলৰ মাজৰ ৯ গৰাকী বিদেশী আৰু NRI হোৱাৰ বিপৰীতে আন ২০ গৰাকী অনা অসমীয়া । আমষ্টাৰদাম, অকলেণ্ড, কানাডা, ডুবাই, কুৱেইট, নিউজাৰ্চি প্ৰভৃতিৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে অংশ লয় । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অফলাইন এনে গুণীন পৰীক্ষাত পৰীক্ষক ৰূপে লখিমপুৰৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই পৰীক্ষা লয় ।

উল্লেখ্য যে, আন বৰ্ষৰ পৰীক্ষা অনলাইন অফলাইন দুই পদ্ধতিৰে হয় । পৰিষদৰ ৰাজ্যৰ বাহিৰৰ আন কেন্দ্ৰ সমূহটো তৎপৰতা চলি আছে । সত্ৰীয়া সংগীতৰ বিদ্যায়তনিক শিক্ষাৰ প্ৰসাৰতা ৰাজ্য আৰু দেশৰ সীমা পাৰ হৈ সকলোকে আকৰ্ষিত কৰাটো এক বিপুল সাফল্য সংগীত সত্ৰৰ ।

অসমৰ সত্ৰীয়া সংগীতে এতিয়া বিশ্বমুখী গতি লাভ কৰাৰ বাবে বিদেশী ৰমনীৰ লয়লাস সত্ৰীয়া সংগীতৰ তালে তালে । কন্ঠত নিগৰিছে কৃষ্ণ বন্দনাৰ গীত । অসমৰ সত্ৰীয়া সংগীতে এনেদৰে বিশ্ব দৰবাৰলৈ গতি কৰাৰ সময়তো কিন্তু এই ধাৰাৰ বিকাশৰ হকে কিবা কৰাৰ সদিচ্ছা দেখুৱা নাই ৰাজ্য চৰকাৰে ।

ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোহোৱাকৈয়ে বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয়তা অৰ্জন কৰা সত্ৰীয়া সংগীতৰ ক্ষেত্রত চৰকাৰে উদ্যোগ লোৱা হ’লে সত্ৰীয়া সংগীতৰ লগতে মহাপুৰুষ শংকৰদেৱৰ অৱদানো বিশ্ব জনীন ৰূপলৈ গতি কৰিলেহেতেন । চৰকাৰ খনৰ এনে আওকণীয়া মনোভাৱত খেদ প্ৰকাশ কৰে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ প্ৰধান সুৰজিত ভূঞাই ।

লগতে পঢ়ক : New Assamese film Raghav: নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.