ETV Bharat / state

লখিমপুৰৰ চাউলধোৱাত খাদ্যত বিষক্ৰিয়াঃঅসুস্থ ২০ জনকৈ লোক

author img

By

Published : Nov 11, 2020, 4:31 PM IST

চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ কৰকনি ডকুৱাৰ প্ৰয়াত দুতিৰাম বৰুৱাৰ পৰিয়ালত আদ্যশ্ৰাদ্ধ উপলক্ষে খাদ্য গ্ৰহণ কৰাৰ পিছতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ খাদ্য গ্ৰহণ কৰা সকলো লোকৰে তীব্ৰ জ্বৰ,মূৰৰ বিষ, বমি হ'বলৈ আৰম্ভ কৰে ৷দুজনকৈ লোকৰ অৱস্থা অতি সংকটজনক হৈ পৰাত ইতিমধ্যে তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Food poisoning in Lakhimpur
লখিমপুৰৰ চাউলধোৱাত খাদ্যত বিষক্ৰিয়া

লখিমপুৰ, 11 নৱেম্বৰঃ বুধবাৰে লখিমপুৰৰ চাউলধোৱাত সংঘটিত হয় এক অঘটন ৷ খাদ্যৰ বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰে ২০ জনকৈ লোক । জানিব পৰা মতে, চাউলধোৱা আৰক্ষী চকী এলেকাৰ কৰকনি ডকুৱাৰ প্ৰয়াত দুতিৰাম বৰুৱাৰ পৰিয়ালত আদ্যশ্ৰাদ্ধ উপলক্ষে বুট-মাহ আৰু পিঠাগুড়ি খাইছিল উপস্থিত লোকসকলে ৷ এই খাদ্য গ্ৰহণ কৰাৰ পিছতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ খাদ্য গ্ৰহণ কৰা সকলো লোকৰে তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমি হ'বলৈ আৰম্ভ কৰে ৷

ইয়াৰ পিছতে ততাতৈয়াকৈ অসুস্থ সকলক গাঁৱৰ লোকে আনন্দ বাগানস্থিত জিতু মেডিকেল হললৈ লৈ আনি প্ৰাথমিক চিকিৎসা কৰোৱায় । কিন্তু প্ৰয়াত দুতিৰাম বৰুৱাৰ পত্নী কনমাই বৰুৱা (৫৮) আৰু ৰবীন বৰুৱা (৬২)ৰ অৱস্থা অতি সংকটজনক হৈ পৰাত ইতিমধ্যে তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.