ETV Bharat / state

Flood in Lakhimpur: লখিমপুৰত শোচনীয় বান পৰিস্থিতি

লখিমপুৰৰ চৌদিশে এতিয়া বানপানীৰ বিভীষিকা (Flood situation remains critical in Lakhimpur) । ৰঙানদী, ডিক্ৰং, পাভ, শিঙৰা আদি নৈৰ বানে বুৰাই পেলাইছে বহু অঞ্চল । অঞ্চলকেইটাৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত (Flood in Lakhimpur ) ৷

author img

By

Published : Jun 18, 2022, 4:53 PM IST

Flood situation remains critical in Lakhimpur
লখিমপুৰত শোচনীয় বান পৰিস্থিতি

লখিমপুৰ, ১৮ জুন: সমগ্ৰ ৰাজ্যৰ লগতে (Flood in Assam) ক্ৰমাৎ শোচনীয় হৈ পৰিছে লখিমপুৰ জিলাৰ বান পৰিস্থিতি (Flood situation remains critical in Lakhimpur) । নদীসমূহৰ বাঢ়নী পানীয়ে নিতৌ বুৰাই পেলাইছে ন ন অঞ্চল । ৰঙানদী, ডিক্ৰং, পাভ, শিঙৰা আদি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বহু অঞ্চল (Over flow in Assam rivers) ।

ধাৰাসাৰ বৰষুণৰ লগতে নীপকোৱে এৰি দিয়া প্ৰকল্পৰ পানী, সোৱণশিৰি প্ৰকল্পৰ পৰা বাগৰি অহা অতিৰিক্ত পানীৰ ফলত জিলাখনৰ চৌদিশে এতিয়া সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । হাহাকাৰ লাগিছে বন্যাৰ্ত ৰাইজৰ ৷ অঞ্চলকেইটাৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত (Assam flood updates) ৷

লখিমপুৰত শোচনীয় বান পৰিস্থিতি

শেহতীয়াকৈ লখিমপুৰ নগৰৰ সামান্য দূৰতে থকা কাকৈ নৈ আৰু গোমনদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে 6/7 খন গাঁও । গজিশলা লগতে কেবাখনো গাঁৱৰ পথসমূহত একঁকাল পানী (Flood washes out road in Lakhimpur) ৷ প্ৰশাসনৰ তৰফৰ পৰা কোনো সাহায্য নিদিয়াৰ অভিযোগ বন্যাৰ্তৰ ৷ অঞ্চলটোৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত (Flood in Lakhimpur ) ৷

ইফালে এই পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা কোনো সাহাৰ্য লাভ কৰা নাই বুলি বানপীড়িত লোকসকলে অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ্য জিলাখনত আজিৰ দিনটোত কেইবাখনো নদীয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠও জামুগুৰিত বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

তেনেদৰে সোৱণশিৰি নদীৰ জলপৃষ্ঠ ঢলঘাট, শিলিখাগুৰি, ঘনচৰাই আদি অঞ্চলত বিপদসীমাৰ ওপৰত আছে । দোৰপাং, চেচা আদিৰ নদীৰ জলপৃষ্ঠই বিপদসীমা স্পৰ্শ কৰিছে । নদী সমুহৰ এনে প্ৰৱল জলৰাশিয়ে জিলাখনৰ পৰিস্থিতি অধিক বিপদজনক কৰি তোলাৰ আশংকা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.