ETV Bharat / state

Flood Situation in Lakhimpur:শিঙৰা নৈৰ পানীয়ে বুৰাইছে নাওবৈচাৰ 20 খনৰো অধিক গাঁও

বৰ্তমানেও লখিমপুৰ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ নিতৌ ন, ন গাঁও পৰিছে বানৰ কবলত । বৰ্তমানেও জিলাখনত ৬৭ খন গাঁও বানৰ কবলত আছে ৷ শিঙৰা নৈৰ ওভতনি পানীয়ে নাওবৈচাৰ কুৰিখন গাঁও নতুনকৈ বুৰাই পেলাইছে ।

Flood Situation in Lakhimpur
শিঙৰা নৈৰ কবলত নাওবৈচাৰ 20 খনৰো অধিক গাঁও
author img

By

Published : Jul 11, 2023, 3:34 PM IST

শিঙৰা নৈৰ কবলত নাওবৈচাৰ 20 খনৰো অধিক গাঁও

লখিমপুৰ,11 জুলাই: বৰ্তমানেও লখিমপুৰ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি । নিতৌ ন ন গাঁও পৰিছে বানৰ কবলত । আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনত বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। জিলা প্ৰশাসনৰ মতে বিগত 24 ঘন্টাৰ ভিতৰত আৰু ২০ খন গাঁও বানৰ কবলত পৰিছে ।মঙলবাৰে দিনটোত জিলাখনত ৬৭ খন গাঁও বানৰ কবলত আছে । প্ৰশাসনৰ তথ্য মতে জিলা খনৰ বিহপুৰীয়া ৰাজহ চক্রত ২০ খন, নাৰায়ণপুৰ ৰাজহ চক্রত ৮ খন, নাওবৈচা ৰাজহ চক্রত সৰ্বাধিক ২২ খন আৰু সোৱণশিৰি ৰাজহ চক্রত ১৭ খন গাঁও সহ মুঠ ৬৭ খন গাঁও বানত ডুব গৈ আছে ৷

আনহাতে বিহপুৰীয়া ৰাজহ চক্রত ২২ হেজাৰ ৫১০ আৰু নাওবৈচা ৰাজহ চক্রত ৩৭ হেজাৰ ৬৯৮ জন লোক বানৰ কবলত পৰি ক্ষতিগ্রস্ত হৈছে । জিলাখনত মুঠ ৬০ হেজাৰ ২০৮ জন লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৫৪৫.৫০ হেক্টৰ শস্য ক্ষেত্র বিনষ্ট হৈছে । উল্লেখযোগ্য শিঙৰা নৈৰ ওভতনি পানীয়ে নাওবৈচাৰ গেলাহাটী,গোঁসানীবাৰী,ৰৌদং আদি কুৰিখন গাঁও নতুনকৈ বুৰাই পেলাইছে । আনহাতে বানৰ সমানে জিলাখনত বিভিন্ন নৈৰ গৰাখহনীয়াই আন এক দুৰ্যোগৰ সৃষ্টি কৰিছে ৷ খহনীয়াত ঘৰ-বাৰী, পথ আদিৰ বিস্তৰ ক্ষতি হৈছে । ফলত আতংকিত হৈছে নৈপৰীয়া ৰাইজ ৷ সম্প্রতি কৃষিৰ বতৰত কৃষি কাৰ্য এৰি বানৰ সৈতে যুঁজ দিব লগীয়া হৈছে জিলাখনৰ ৰাইজে ।

দিনে দিনে জটিল হৈ পৰা জিলাখনৰ বান পৰিস্থিতিক অধিক শোচনীয় কৰি তুলিছে নেৰানেপেৰাকৈ হৈ থকা বৰষুণে । অহা দুই এদিনৰ ভিতৰত বতৰৰ অৱস্থা পৰিবৰ্তন নহলে জিলাখনত বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা প্ৰকাশ পাইছে । ইফলে সোমবাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যখনত জাৰি কৰা হৈছিল সতৰ্কতা ৷

লগতে পঢ়ক:Flood in Lakhimpur: লখিমপুৰত পুনৰ বানৰ তাণ্ডব; কাকৈ, চেনীমাই নৈৰ বানে বুৰালে বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.