নাঁওবৈচা: ২৬ মে’: লখিমপুৰ জিলাৰ নাঁওবৈচাৰ মাজেৰে প্ৰবাহিত খৰস্ৰোতা পাহাৰীয়া শিঙৰা নদীৰ বানে সোমবাৰৰ পৰা নাঁওবৈচাৰ 20 খনতকৈ অধিক গাঁও বুৰাই পেলাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে গাঁওবাসীৰ মাজত । নেৰা-নেপেৰা বৰষুণৰ ফলত ফেন-ফুটুকাৰে বাঢ়ি অহা শিঙৰা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি শিঙৰা গাঁৱৰ সমীপৰ উন্মুক্ত মথাউৰি অংশৰে সোমাই আহি পুৱতি নিশাৰে পৰা ৰঙানদী আৰু মধ্য নাঁওবৈচা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহ প্লাৱিত কৰে ।
অঞ্চলটোত হোৱা এই বান বিভীষিকাৰ ফলত কৃষিজীৱী ৰাইজৰ ঘৰ-বাৰী, ৰাস্তা-ঘাট, বড়ো-আহু ধানৰ লগতে শালি ধানৰ কঠিয়াৰ বিস্তৰ ক্ষতি সাধন কৰিছে বুলি জানিব পৰা গৈছে । অঞ্চলটোৰ গোসাঁনীবাৰী, চেঙেলীজান, ১নং গেলাহাটী, ২নং গেলাহাটী, তকৌগুৰি, আহোমণি, শিঙৰা গাঁও, গড়ছিগা, বঙালচুক, বৰপথাৰ আদিকে কৰি 20 খনতকৈ অধিক গাঁও প্লাৱিত হয় ।
বানপীড়িত ৰাইজৰ অভিযোগ অনুসৰি 2017 বৰ্ষত নদীখনৰ শিঙৰা গাঁৱৰ সমীপৰ উন্মুক্ত মথাউৰিৰ অংশৰে পানী সোমোৱাৰ লগতে অঞ্চলটোৰ ৰঙাজান, সৰুজান, বৰজান, দীঘলীজান আদিৰ জান-জুৰিৰ পানী আৱদ্ধ হৈ দুমাহৰো অধিক কাল যি জলপ্ৰলয়ৰ সূচনা কৰিছিল সেই জলপ্ৰলয়ত বিধ্বস্ত হোৱা অঞ্চলটো পৰিদৰ্শন কৰি সেই সময়ৰ ৰাজ্যপাল বানোৱাৰি লাল পুৰোহিতে নদীখনৰ বান সমস্যাটো সেইবৰ্ষৰ খৰালিতে সমাধান কৰিবলৈ জিলা প্ৰশাসন তথা জলসম্পদ বিভাগক তাৎক্ষণিক নিৰ্দেশ দিছিল । কিন্তু ৰাজ্যপালৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে যোৱা চাৰিটা বছৰে নদীখনৰ বান সমস্যাটো সমস্যা হিচাপেই ৰাখিলে । ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজে সংহাৰী বানৰ কৱলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে ।
আনহাতে লখিমপুৰ সাংসদ প্ৰদান বৰুৱাই বান বিধ্বস্ত অঞ্চলটো বহুবাৰ পৰিদৰ্শন কৰি বান সমস্যাটো সমাধান কৰাৰ আশ্বাস দিছিল । একাংশ বানপীড়িত ৰাইজে অভিযোগ কৰা মতে, সাংসদগৰাকীয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবেই এনে স্পৰ্শকাতৰ বিষয় এটাত প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ।
লগতে নাঁওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ নদীখনৰ বান সমস্যাটো সমাধানৰ ক্ষেত্ৰত লোৱা স্থিতিকো তীব্ৰ সমালোচনা কৰে নাঁওবৈচাবাসীয়ে । ইফালে বানপানীয়ে ফলত পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানি পথটো একাঠু পৰ্যন্ত ডুবাই পেলোৱাত যাতায়াতত ৰাইজৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে।
লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠঃ আতংকিত কামপুৰবাসী