ETV Bharat / state

Assam Flood 2023: পথাৰত কৃষকৰ বিননি, একঁকাল পানীৰ মাজৰ পৰা বুটলিছে সোণগুটি

author img

By

Published : Jul 5, 2023, 9:35 PM IST

Updated : Jul 5, 2023, 9:45 PM IST

ৰাজ্যৰ প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ প্ৰথমটো বানতেই হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে বানপানীত ৷ ফলত এতিয়া চহা কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

flood ridden farmers misery after crops submerged in water
পথাৰত কৃষকৰ বিননি
পথাৰত কৃষকৰ বিননি

বিহপুৰীয়া, 5 জুলাই : ৰাজ্যত এতিয়াও মাৰ যোৱা নাই বানৰ বিভীষিকা ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত বিধস্ত হৈছে ৰাজ্যৰ বিস্তৰ কৃষিভূমি ৷ বানত কৱলত পৰি নিঃশেষ হৈছে বহুতৰে সপোনৰ কৃষি ডৰা ৷ বানে ধুই নিয়া পথাৰত এতিয়া কৃষকৰ বিননি ৷

ৰাজ্যৰ প্ৰথমটো বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ প্ৰথমটো বানতেই হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে বানপানীত ৷ যাৰ ফলত এতিয়া চহা কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ উল্লেখ্য যে লখিমপুৰ জিলাতো বানে বৃহৎ পৰিমানে ক্ষতি সাধন কৰিছে ৷

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বানবিধস্ত ধূনাগুৰিৰ কৃষকে শ শ বিঘা কৃষি ভূমি বানত জাহ জোৱাৰ পাচত চকুপানীৰে বাট নেদেখা হৈছে ৷ ধূনাগুৰিৰ কৃষক ৰাইজৰ বছৰৰ ভাতমুঠি আহু আৰু বড়োধানৰ খেতিৰ ওপৰতেই নিৰ্ভৰশীল ৷ সম্প্ৰতি একঁকাল পানীৰ তলত কৃষকসকলৰ সপোনৰ খেতিডৰা ৷ বানত খেতি বুৰ যোৱাৰ ফলত প্ৰতিটো ধানৰ মুঠিতে এতিয়া গজালি মেলিছে ৷ কিন্তু বছৰটোৰ বাবে ভাত মুঠি চপোৱাৰ তাৰণাতেই একঁকাল পানীতো বুৰ গৈ এতিয়া কৃষকসকলে চপাইছে গজালি উলোৱা ধানকে ৷

সেই গজালি মেলা ধানকে চপাই আনি মথাউৰি বা ওখ ভেটিত ৰ’দত শুকুৱাই ভৰ দুপৰীয়া মৰণা মাৰিছে এইসকল কৃষকে ৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত সম্প্ৰতি বানৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য ৷ শাক-পাচলিৰ লগতে চাউলৰ মূল্যই ৰাইজক জোলোকা জোলোকে পানী খুৱাইছে ৷

আনহাতে ক্ষুব্ধ কৃষকসকলৰ অভিযোগ যে, বৰ্তমানৰ চৰকাৰী ব্যৱস্থাটো কেৱল কাগজ কলমতে ব্যস্ত । আচঁনি দিয়াৰ নামত কেৱল কাগজ বিচাৰে চৰকাৰী ব্যৱস্থাটোৱে ৷ কৃষকৰ দুখ দুৰ্গতি বুজিবলৈ আহৰি নাই চৰকাৰৰ ৷

লগতে পঢ়ক: Kalgachia Theft incident: সিন্ধি খান্দি চোৰৰ চাফাই অভিযান; লুটি নিলে আ-অলংকাৰ,ধন

Last Updated : Jul 5, 2023, 9:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.