ETV Bharat / state

খহনীয়াত ঘৰ-মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত সোৱণশিৰিৰ ৰাইজ - খহনীয়াত ঘৰ-মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত সোৱণশিৰিৰ ৰাইজ

লখিমপুৰ জিলাৰৰ ভীমপৰাত সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়া । ফেনে ফুটুকাৰে বাঢ়ি অহা পানীত উটি গৈছে কোটিটকীয়া জিঅ' বেগৰ বান্ধ। ফলত মাটি ভেটি হেৰুৱাই সৰ্বস্বান্ত হ'ব লগা হৈছে অঞ্চলটোৰ দৰিদ্ৰ কৃষককে ধৰি সৰ্বসাধাৰণ ৰাইজ ।

flood-and-landslide-at-lakhimpur-bhimpara
সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াত ঘৰ-মাটি-ভেটি হেৰুৱাই হৈছে সৰ্বস্বান্ত
author img

By

Published : Jul 16, 2020, 2:13 PM IST

Updated : Jul 16, 2020, 3:00 PM IST

নাওবৈচা,১৬ জুলাই: উত্তৰ অসমৰ অন্যতম নদী লখিমপুৰ জিলাৰ সোৱনশিৰিৰ ভয়ংকৰ গৰা খহনীয়াৰ ফলত বগীনদী এলেকাৰ ভীমপৰাত এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে । আহাৰ মাহত ফেনে-ফুটুকাৰে বাঢ়ি অহা নদীখনে এতিয়া,লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰা আৰু হেকেৰাজান গাঁৱৰ নামনি অংশত ব্যাপক খহনীয়া সৃষ্টি কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াত ঘৰ-মাটি-ভেটি হেৰুৱাই হৈছে সৰ্বস্বান্ত

গাঁও দুখনৰ উজনি অংশত খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ ৭.২৭ কোটি টকাৰ অনুদানেৰে নিৰ্মাণ কৰা জিঅ' বেগৰ বান্ধটোও পৰিছে খহনীয়াৰ কৱলত । নদীখনে কালৰূপ ধাৰণ কৰি সৃষ্টি কৰা খহনীয়াৰ কৱলত পৰি ইতিমধ্যে গাঁও দুখনৰ খেতিপথাৰ নদীৰ বুকুত জাহ গৈছে । দৈনিক অব্যাহত থকা ভয়ংকৰ খহনীয়াই চপৰা চপৰে খহাই মানুহৰ ঘৰ মাটি বাৰী সকলো উটুৱাই নিছে ।

flood-and-landslide-at-lakhimpur-bhimpara
লখিমপুৰ ভীমপৰাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া

ইতিমধ্যে কেইবাটাও পৰিয়াল খহনীয়াৰ কৱলত পৰি নিজৰ আপোন ঘৰখন হেৰুৱাই অন্য স্থানলৈ স্থানান্তৰিত হৈছে । এনেদৰে নদীখনৰ খহনীয়া অব্যাহত থাকিলে এই বাৰিষাতে হেকেৰাজান গাঁৱৰ নামনি অংশৰ পৰিয়াল সমূহৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে খহনীয়াৰ কৱলত পৰি নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনাই দেখা দিছে ।

লখিমপুৰ জিলাৰ জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেয়ে এতিয়া বাঁহৰ পাৰ্কুপাইন,গছৰ ডাল আৰু পাতেৰে সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বৃথা চেষ্টা কৰা পৰিলক্ষিত হৈছে । এই সমূহ প্ৰচেষ্টাৰ পাছতো প্ৰতিৰোধ হোৱাৰ বিপৰীতে দৈনিক ব্যাপক হাৰত খহনীয়া বৃদ্ধিহে পাইছে। ফলত কোটি কোটি চৰকাৰী ধন সোৱনশিৰী নৈৰ পানীতহে উটি গৈছে ।

ইতিমধ্যে বিভাগীয় ঠিকাদাৰে নদীৰ পাৰত দিয়া বাঁহৰ কেইবাটাও পাৰ্কুপাইন নদীয়ে উটুৱাই নিছে । দশকজুৰি অব্যাহত থকা সোৱনশিৰী নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ নামত ৰাজকোষৰ পৰা কোটি-কোটি টকা ব্যয় কৰি থকা হৈছে যদিও ব্যয় হোৱা চৰকাৰী ধনেৰে নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান হোৱা নাই । বিপৰীতে নদীখনৰ খহনীয়া আৰু দুৰ্দশাগ্ৰস্ত নৈ পৰীয়া ৰাইজৰ বিপত্তিৰ সুযোগ লৈ লখিমপুৰ জিলা জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিভাগীয় ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে ।

লগতে চাওকঃ যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন

Last Updated : Jul 16, 2020, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.