ETV Bharat / state

Grassroots Politics : নাৰায়ণপুৰ বিজেপিৰ পাঁচ গৰাকী বুথ সভাপতি-সম্পাদকৰ পদত্যাগ

নাৰায়ণপুৰ নগৰ মণ্ডলৰ বিজেপিৰ সভাপতিৰ কাৰ্যপন্থাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি চাৰিগৰাকী বুথ সভাপতি আৰু এগৰাকী বুথ সম্পাদকে বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৷ এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বুথ পৰ্যায়ৰ কৰ্মী কেইজনে ৷

author img

By

Published : Nov 17, 2021, 6:23 PM IST

Five booth president-secretary of Narayanpur BJP resign
নাৰায়ণপুৰ বিজেপিৰ পাঁচ গৰাকী বুথ সভাপতি-সম্পাদকৰ পদত্যাগ

বিহপুৰীয়া, ১৭ নৱেম্বৰ : ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰ নগৰ মণ্ডলৰ বিজেপিৰ সভাপতিৰ কাৰ্যপন্থাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি চাৰিগৰাকী বুথ সভাপতি আৰু এগৰাকী বুথ সম্পাদকে বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৷ নাৰায়নপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বুথ পৰ্যায়ৰ কৰ্মী কেইজনে ৷

সংবাদমেলত আগন্তক সময়ত অনুষ্ঠিত হ'ব লগা নাৰায়ণপুৰ পৌৰসভাৰ নিৰ্বাচনত বিজেপি পৰাজিত হোৱাৰ আশংকা প্ৰকাশ কৰে পদত্যাগী কৰ্মী কেইজনে ৷ তেওঁলোকে অভিযোগ কৰা মতে, সমাগত পৌৰসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নগৰ মণ্ডলৰ সভাপতি গৰাকীয়ে সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে ৷ ফলত নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব তেওঁলোকে বহন কৰিব লাগিব বুলি ভাবিয়েই নিজৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমক অৱগত কৰে কৰ্মী কেইজনে ৷

উল্লেখ্যে যে, দলৰ এগৰাকী সাধাৰণ সদস্য তথা কৰ্মী হিচাপে দলৰ হৈ কাম কৰি যাম বুলিও প্ৰকাশ কৰে বুথৰ সভাপতি সকলে । ইফালে, স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, জিলা সভাপতি ফণী বৰুৱা আৰু ৰাজ্যিক সভাপতিৰ নেতৃত্বত আগন্তুক দিনত অসমত বিজেপিৰ জয়ধ্বজা উৰি থাকিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.