লখিমপুৰ, ২৯ এপ্রিল : এবছৰীয়া হ'ল লখিমপুৰ কেঞ্চাৰ চিকিৎসা কেন্দ্র । এই উপলক্ষে বৰ্ষপূৰ্তি পালন কৰা হয় (first anniversary of Lakhimpur cancer care centre) । লখিমপুৰ মেডিকেল কলেজৰ চৌহদতে স্থাপন কৰা লখিমপুৰ কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ শুকুৰবাৰে এবছৰ সম্পূর্ণ হয় (Lakhimpur cancer centre completed on year) । বিগত বৰ্ষৰ ২৯ এপ্রিলত অসমত লখিমপুৰৰ উপৰি যোৰহাট, কোকৰাঝাৰ, দৰং, তেজপুৰ, বৰপেটা, আৰু ডিব্ৰুগড়কে ধৰি সাতখন কেঞ্চাৰ চিকিৎসা কেন্দ্র ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰতন টাটাই (PM Modi inaugurated cancer center in Assam) ।
সভাত কেঞ্চাৰ চিকিৎসা কেন্দ্রটোৰ এবছৰীয়া খতিয়ান দাঙি ধৰি কোৱা হয় যে এই চিকিৎসা কেন্দ্রত ৰোগীক মানসম্পন্ন উন্নত চিকিৎসা প্ৰদান কৰা হৈছে । বছৰটোৰ ভিতৰত এই কেন্দ্রত ৭,৬৯৬ জন ৰোগী বহিঃবিভাগত পঞ্জীয়ন হৈছে । নতুন ২৪৫৯ জন ৰোগীক চিকিৎসা কৰা হৈছে । ৩২০০ জনক ৰেডিয়েচন থেৰাপি, ৭০৪ জনক কেম'থেৰাপি দিয়া হৈছে । চিকিৎসা কেন্দ্রটোত ৪৪ খন বিছনা থকাৰ লগতে ১১৬ জন চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে ৰোগীৰ সেৱা আগবঢ়াই আছে ।
এই সময়খিনিৰ ভিতৰত খাদ্যনলী, স্তন আৰু মুখগহ্বৰত হোৱা কেঞ্চাৰ ৰোগী পোৱা গৈছে বুলি কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ তৰফৰ পৰা তথ্য দাঙি ধৰা হয় । কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ অধীক্ষকগৰাকীয়ে কয় যে লখিমপুৰ কেঞ্চাৰ চিকিৎসা কেন্দ্রটো দেশৰ আগশাৰীৰ কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ সমানে উন্নত । উন্নত মানৰ চিকিৎসা সেৱা, উন্নতমানৰ চিকিৎসা সঁজুলিৰে সমৃদ্ধ এই চিকিৎসা কেন্দ্রই দেশৰ আগশাৰীৰ কেঞ্চাৰ চিকিৎসা কেন্দ্রতকৈ কোনোগুণে কম নহয় বুলি কয় । সেয়ে ৰোগীসকলক বাহিৰলৈ চিকিৎসা কৰিবলৈ যোৱাৰ মানসিকতা পৰিহাৰ কৰি লখিমপুৰ কেঞ্চাৰ চিকিৎসা কেন্দ্রতে উন্নতমানৰ চিকিৎসা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।
বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত সভাত লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ হীৰেন কুমাৰ ভট্টাচার্য, লখিমপুৰৰ সহকাৰী আয়ুক্ত গীতালি দুৱৰা, কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ অধীক্ষক ডাঃ গোপাল কৃষ্ণ পুৰকায়স্থ, কেঞ্চাৰ চিকিৎসা কেন্দ্রৰ অতিথি চিকিৎসক ডাঃ ৰমানন্দ শইকীয়া, ডাঃ নিখিল ৰাজকাকতি আদিৰ লগতে চিকিৎসা কেন্দ্রটোৰ বিষয়া-কৰ্মচাৰী তথা ৰাইজে অংশগ্রহণ কৰে ।
লগতে পঢ়ক :Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষাৰ বাবে বিশেষজ্ঞ কমিটি গঠন