ETV Bharat / state

Assam Arunachal border conflict: লখিমপুৰত অৰুণাচল সীমান্তত বনৰক্ষীলৈ গুলী অৰুণাচলী দুৰ্বৃত্তৰ - Assam Arunachal Border Dispute

লখিমপুৰত অৰুণাচল সীমান্তত অসমৰ বন বিষয়াৰ দললৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা ৷ বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা ৷ লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত বন বিষয়াৰ দলটোৱে এজাহাৰ দাখিল কৰে (Firing Incident in Assam Arunachal Border) ৷

Firing Incident in Assam Arunachal Border
অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ গুলীচালনা
author img

By

Published : Apr 7, 2023, 12:02 PM IST

Updated : Apr 7, 2023, 12:39 PM IST

অসমৰ বন বিষয়াৰ দললৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা

লখিমপুৰ, ৭ এপ্ৰিল: অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ হকে অব্যাহত আছে দুয়ো ৰাজ্যৰ আলোচনা | সৌহার্দ্য মূলকভাৱে এই সমস্যাৰ সমাধান হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰি থকাৰ সময়তে লখিমপুৰত অসম-অৰুণাচল সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সীমান্ত এলেকাত অৰুণাচলী দুৰ্বৃত্তই অসমৰ বনৰক্ষীলৈ গুলীচালনা কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ৷ সীমান্ত পৰ্যবেক্ষণ কৰিবলৈ যোৱা অসমৰ বন বিষয়াৰ দললৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰে (Firing Incident in Assam Arunachal Border) ৷

লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ অধীনস্থ এ চি এফ অশোক কুমাৰ দাসৰ লগত হাৰমতী আঞ্চলিক বন বিষয়া আৰু লখিমপুৰৰ বন সুৰক্ষাকৰ্মীৰ এটা প্ৰায় কুৰিজনীয়া দল বৃহস্পতিবাৰে হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ জুটুলি বাগানত উপস্থিত হয় ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ জুটুলী বাগানত অসমৰ ভূমিত প্ৰায় এটা পষেকৰ পূৰ্বে অৰুণাচলী লোকে টিঙৰ ঘৰ সাজি বাস কৰিবলৈ লোৱাৰ পাচত সেই বিষয়টো ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়াই উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছিল ৷ ইয়াৰ পাচতেই বৃহস্পতিবাৰে সেই স্থানত তদন্তৰ বাবে উচ্চপদস্থ বন বিষয়াজন উপস্থিত হয় (Assam Arunachal Border Issue) ৷

বৃহস্পতিবাৰে বিয়লি উক্ত স্থানত অসমৰ বন বিষয়া আৰু কৰ্মচাৰীৰ দলটো উপস্থিত হোৱাৰ সময়ত বেদখলকাৰীয়ে টিঙৰ ঘৰটোত এটা মেথুন কাটি থকা প্ৰত্যক্ষ কৰে ৷ অৰুণাচলী বেদখলকাৰীয়ে অসমৰ বন বিষয়াৰ দলটোক কৌশলেৰে বহুৱাই ৰাখি ফোনযোগে কোনো লোকক খবৰ দিয়াৰ কিছুসময়ৰ পাচত প্ৰায় 20-30 জনীয়া অৰুণাচলী লোকৰ এটা দল উপস্থিত হৈ সেই স্থান অৰুণাচলৰ বুলি দাবী কৰি উক্ত স্থানত অসমৰ বন বিভাগৰ দলটো কিয় উপস্থিত হৈছে বুলি প্ৰশ্ন কৰে (Assam Arunachal Border Dispute) ৷

এনে সময়তে অৰুণাচলী লোকৰ সংখ্যা সেই স্থানত বৃদ্ধি পাবলৈ ধৰাত অসমৰ বন বিভাগৰ দলটো তাৰ পৰা আঁতৰি আহিবলৈ ধৰাৰ সময়তে অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়াৰ দলটোলৈ লক্ষ্য কৰি তিনি জাঁই গুলীচালনা কৰে ৷ অৱশ্যে সৌভাগ্যক্ৰমে এই গুলীচালনাত দলটোৰ কোনো লোক হতাহত নহ'ল ৷ এই ঘটনাৰ পাছত বন বিষয়াৰ দলটোৱে লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে (Firing Near Assam Arunachal Border in Lakhimpur) ৷

লগতে পঢ়ক: Amazon of the East :পূৱৰ আমাজানখ্যাত দিহিং পাটকাই জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে

Last Updated : Apr 7, 2023, 12:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.