ETV Bharat / state

Firing in Lakhimpur: ৰঙা বনাঞ্চলত বন বিভাগ-অৰুণাচলীৰ গুলীয়াগুলী

author img

By

Published : Jul 20, 2022, 8:43 PM IST

লখিমপুৰৰ ৰঙা বনাঞ্চলত বুধবাৰে বিয়লি বন বিভাগ আৰু অৰুণাচলী মাজত গুলীয়াগুলীৰ ঘটনা (Firing incident in Assam Arunachal border)। অসমৰ বনাঞ্চল খনৰ ভিতৰত আৰুণাচলীয়ে এটা পথ নিৰ্মাণ কৰাক লৈয়েই সংঘটিত হয় এই ঘটনা ।

Firing in Lakhimpur
Firing in Lakhimpur

লখিমপুৰ, ২০ জুলাই: অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে সীমা সমস্যা সমাধানৰ কুচ-কাৱাজ চলাই থকাৰ সময়তে পুনৰ উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্ত । বুধবাৰে পুনৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হ’ল লক্ষীমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত (Firing incident in Assam Arunachal border)। অসমৰ বনাঞ্চল খনৰ ভিতৰত আৰুণাচলীয়ে এটা পথ নিৰ্মাণ কৰাক লৈয়েই সংঘটিত হয় এই ঘটনা (Arunachali aggregation in Lakhimpur) ।

ৰঙা বনাঞ্চলত বন বিভাগ-অৰুণাচলীৰ গুলীয়াগুলী

ৰামপুৰ বনখণ্ড কাৰ্যালয়ৰ সমীপতে আৰুণাচলী লোকে নিৰ্মাণ অব্যাহত ৰাখিছে এটা পথৰ । এই পথটো চাবলৈ বুলি ৰামপুৰ বনখণ্ড বিষয়া সেই স্থানলৈ যাওতেই জংঘলৰ ভিতৰৰ পৰা আৰুণাচলী লোকে ভাবুকি দি কেইবাজাঁই গুলি ফুটাই । ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ বন বিভাগৰ দলটোৱেও দুজাঁই গুলী ফুটাব লগা হয় । অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত (Firing in Lakhimpur) ।

ইতিমধ্যে সেই স্থানৰ পৰা ঘুৰি আহিছে বন বিভাগৰ দলটো । কেইবামাহৰ পূৰ্বে সেই স্থানতে সংঘটিত হৈছিল তদ্রুপ ঘটনা । প্ৰায়েই অৰুণাচলী লোকে অসমৰ ভূমিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত সংঘাতৰ সৃষ্টি হয় ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে অৱশ্যে ইয়াৰ সমাধানৰ বাবে ইতিমধ্য়ে আলোচনা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Indo-Bangla inland water way project: ভাৰত-বাংলাদেশ আভ্যন্তৰীণ জলপথৰ লেহেমীয়া নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.