ETV Bharat / state

Asam Sahitya Sabha conference : জাতীয়সত্তা বুকুত বান্ধি অসমী আইৰ উত্তৰণৰ বাবে সকলোৱে কাম কৰক; যাদৱ চন্দ্ৰ শৰ্মা - সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু হৈছে নাৰায়ণপুৰবাসী

মঙলবাৰৰ পৰা অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Asam Sahitya Sabha 76th conference) ৷ এই অধিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে অধিৱেশনস্থলী ৷ পাঁচদিনীয়াকৈ আয়োজন হ’ব লগা এই অধিৱেশত সকলো ৰাইজকে উপস্থিত হ’বলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই (Yadav Chandra Sarma in Lakhimpur) ৷

Asam Sahitya Sabha conference
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন
author img

By

Published : Jan 30, 2023, 6:16 PM IST

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

নাৰায়ণপুৰ, 30 জানুৱাৰী : ‘‘অসম সাহিত্য সভা এক জাতীয় অনুষ্ঠান ৷ গতিকে সকলোৱে এই জাতীয়সত্বা বুকুত বান্ধি অসমী আইৰ উত্তৰণ তথা ভাষা-সংস্কৃতিৰ উত্তৰণৰ কাৰণে সকলোৱে কাম কৰক ৷ লগতে সকলো ৰাইজে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম নাৰায়ণপুৰ অধিৱেশনলৈ আহি আমাক প্ৰেৰণা যোগাওক ।’’ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ অধিৱেশন স্থলীত উপস্থিত হৈ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ।

উল্লেখ্য যে, কাইলৈৰ পৰা অৰ্থাৎ 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Asam Sahitya Sabha 76th conference)৷ যাৰবাবে মণিকাঞ্চনক্ষেত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । হাজাৰ হাজাৰ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু হৈছে নাৰায়ণপুৰবাসীও (Asam Sahitya Sabha conference) । অধিৱেশনলৈ মাজত মাথো কেইঘণ্টা বাকী ৷ ইতিমধ্যে মূলমণ্ডপ, ভোজনালয়, মূল প্ৰৱেশদ্বাৰৰ তোৰণ, গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

লগতে পঢ়ক : Assam Sahitya Sabha conference : অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি তুংগত

ইয়াৰ উপৰিও প্ৰায় চাৰি হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত সাজু হৈ উঠিছে প্ৰতিনিধি শিবিৰ । সভাস্থলীৰ সমীপত প্ৰায় 40 হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থাও কৰা হৈছে । 6 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ 700 পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

ইফালে উক্ত অধিৱেশনতে শতাধিক গ্ৰন্থও উন্মোচন কৰা হ’ব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে ৷ বহুকেইটা গ্ৰুপত অধিৱেশনত পৰিৱেশন কৰিব পৰাকৈ পাঁচশজোৰা গায়ন-বায়ন (Gayan Bayan), পাঁচশ চালি নৃত্য শিল্পী, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ বহুকেইটা স্থানত অনুশীলন অব্যাহত ৰাখিছে ৷

সোমবাৰে অধিৱেশনস্থলীত উপস্থিত হৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে আদৰণি সমিতিৰ মূল সমিতি আৰু উপ সমিতি মাজত সমন্বয়ৰ অভাৱ বুলি আক্ষেপ প্ৰকাশ কৰে । ইয়াৰোপৰি সাহিত্য সভাৰ অন্তিম মূহুৰ্তলৈকে অসম সাহিত্য সভাৰ অধিৱেশনস্থলীত অস্থায়ী কাৰ্যালয় নিৰ্মাণ নকৰা সন্দৰ্ভতো সংবাদ মাধ্যেমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰধান সম্পাদকগৰাকীয়ে (Yadav Chandra Sarma in Lakhimpur)।

লগতে পঢ়ক : Asam Sahitya Sabha conference : আধ্যাত্মিকতাক বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.