ETV Bharat / state

Storm in Lakhimpur: প্ৰচণ্ড ধুমুহাত সোৱণশিৰিত আৱদ্ধ ফেৰী - Storm in Lakhimpur

হঠাৎ এজাক ধুমুহাই কোবাই যায় লখিমপুৰক । লখিমপুৰত প্ৰচণ্ড ধুমুহাৰ বাবে সোৱণশিৰিৰ বুকুত আৱদ্ধ হৈ ৰ'ল যাত্ৰীবাহী ফেৰী ।

Storm in Lakhimpur
ৰক্ষা পৰিল যাত্রীবাহী ফেৰী
author img

By

Published : Jul 12, 2023, 6:35 PM IST

ৰক্ষা পৰিল যাত্রীবাহী ফেৰী

লখিমপুৰ, ১২ জুলাই: লখিমপুৰৰ সোৱণশিৰি নদীত এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এখন যাত্রীবাহী ফেৰী । বুধবাৰে দুপৰীয়া লখিমপুৰৰ সোৱণশিৰি নদীৰ মাজত আৱদ্ধ হৈ পৰে এখন যাত্রীবাহী ফেৰী । প্ৰচণ্ড বতাহ-ধুমুহাৰ বাবে নৈখনত প্ৰবল ঢৌৰ সৃষ্টি হোৱা বাবে ফেৰীখন চলাব নোৱাৰা হোৱাত আৱদ্ধ হৈ পৰে । লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । অৱশ্য়ে সৌভাগ্য ক্ৰমে পাছত যাত্রীসকল নিৰাপদে নৈখন পাৰ পাবলৈ সক্ষম হয় ।

আজি অৰ্থাৎ বুধবাৰে দুপৰীয়া লখিমপুৰ জিলাৰ ঘূণাসুতিঘাটৰ এখন ফেৰী নাও যাত্ৰা কৰাৰ পিচতে ধুমুহাৰ সৃষ্টি হোৱাত সোৱণশিৰি নদীৰ মাজত আৱদ্ধ হৈ পৰে । ঘূণাসুতিঘাটৰ পৰা অৰ্ধ শতাধিক যাত্রী লৈ লখিমপুৰ অভিমুখে আহি আছিল এই ফেৰীখন । যাত্ৰাীৰ লগতে ভালেকেইখন দুচকীয়া বাহনো আছিল উক্ত ফেৰীখনত। ঘুনাসুতিৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ফেৰীখন লখিমপুৰঘাট পাবলৈ কিছু দূৰত্ব বাকী থকা অৱস্থাতে প্ৰচণ্ড ধুমুহা আহে । তেনে অৱস্থাত বতাহৰ ফলত নৈখনত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় । যাৰ বাবে ফেৰীখন চলোৱাটো বিপদজনক হৈ পৰে । সেই বাবে সোৱণশিৰি নদীৰ মাজত ফেৰীখন আৱদ্ধ হৈ পৰে ।

নৈখনৰ প্ৰচণ্ড ঢৌৰ বাবে ফেৰীখন আৱদ্ধ হৈ পৰাত যাত্রী সকলৰ মাজত হাহাকাৰ লাগে । সকলোৱে সন্মুখত নিশ্চিত বিপদ দেখি শংকিত হয় । একাংশ যাত্রীয়ে ভয়তে কান্দিবলৈ ধৰে । প্ৰায় দুঘন্টা ধৰি এনে পৰিস্থিতি অব্যাহত থকাৰ পাছত নৈখনৰ ঢৌৰ প্ৰকোপ কিছু শাম কটাত সতৰ্ক তাৰে লাহে লাহে ফেৰীখন আনি লখিমপুৰঘাট পোৱাবলৈ সক্ষম হয় । এক ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে ফেৰীখন ৰ যাত্রী সকল । একাংশ যাত্ৰীয়ে ক্ষোভেৰে কয় যে চৰকাৰে এইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাত যাত্ৰীসকলে সদায় মৰণত শৰণ দি এইদৰে নৈখন পাৰাপাৰ হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:Bangal Minister Slams Assam CM : নিৰ্বাচনী হিংসাত পীড়িতক অসমত আশ্ৰয়; মুখ্যমন্ত্ৰীক উভতি ধৰিলে বংগৰ মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.