ETV Bharat / state

খাবলু ঘাটত ফেৰী সেৱাৰ নামত লুন্ঠনৰাজৰ অভিযোগ

author img

By

Published : Jul 11, 2021, 5:38 PM IST

সোৱণশিৰি নদীয়ে লখিমপুৰ জিলাৰ তেলাহী অঞ্চলটো খণ্ড-বিখণ্ড কৰাৰ বাবে বিভিন্ন অঞ্চল সমুহলৈ যাবৰ বাবে ফেৰী সেৱাই হৈছে একমাত্ৰ বিকল্প ৷ এই ক্ষেত্ৰত খাবলু ঘাটে পালন কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভুমিকা ৷ কিন্তু ঘাটটোত শেহতীয়াকৈ ভাড়াৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে সাধাৰণ যাত্ৰীয়ে ৷

ferry-service-at-khablu-ghat-in-lakhimpur-is-creating-trouble-for-common-passengers
খাবলু ঘাটত ফেৰী সেৱাৰ নামত লুন্ঠনৰাজৰ অভিযোগ

লখিমপুৰ, 11 জুলাই : লখিমপুৰ নগৰ এলেকাৰ পৰা কমলাবাৰী পথেৰে বৃহত্তৰ তেলাহী অঞ্চলক সংযোগ কৰা পথতে আছে সোৱণশিৰি নদী (Subansiri River) ৷ সোৱণশিৰি নদীয়ে দীর্ঘদিন ধৰি তেলাহী অঞ্চলটো খণ্ড বিখণ্ড কৰাৰ বাবে উক্ত অঞ্চল সমুহলৈ যাবৰ বাবে ফেৰী সেৱাৰ বিকল্প নাই ৷ পিছে এই ফেৰী সেৱাক লৈ এতিয়া উত্থাপিত হৈছে বহু অনিয়মৰ অভিযোগ ৷ ফেৰী সেৱাত যাত্ৰীৰ পৰা অত্যধিক ভাড়া আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে বহু যাত্ৰীয়ে ৷

তেলাহীৰ বিভিন্ন অঞ্চলক সংযোগ কৰি চলা এই ফেৰী সেৱাৰ নামত অত্যধিক ভাড়া সংগ্ৰহ কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ এই ফেৰী সেৱাৰে এক কিলোমিটাৰ মান দূৰত্ব অতিক্ৰম কৰোতেই 50 টকাৰ ভাড়াৰ প্ৰয়োজন হোৱাত অতীষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ অতি লক্ষ্যণীয়ভাৱে একেই চৰকাৰী ঘাট নিমাতী ঘাটত কিন্তু 15/20 কিলোমিটাৰ জলপথ ফেৰীৰে অতিক্ৰম কৰিলে এজন যাত্ৰীৰ বাবে ভাড়াৰ পৰিমাণ হয় মাথো 15 টকাহে ৷ ইয়াৰ বিপৰীতে খাবলু ঘাটত এক কিলোমিটাৰ জলপথ অতিক্ৰম কৰোতে 50 টকা আদায় কৰা বিষয়টোৱে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে ৷

উল্লেখ্য যে, লখিমপুৰৰ খাবলু ঘাটতো মিচিং স্বায়ত্ত শাসিত পৰিষদৰ (Miching Autonomous Council) অধীনত চলি আছে ৷ এবাৰ যাত্ৰা কৰোতেই এজন যাত্ৰীৰ পৰা 50 টকাকৈ আদায় কৰাত জুৰুলা হৈছে যাত্ৰী সকল ৷ ইয়াৰোপৰি যান-বাহন পাৰা কৰাৰ নামটো খাবলু ঘাটৰ কৰ্মীয়ে অত্যাধিক পৰিমানে ভাড়া লয় বুলি অভিযোগ উত্থাপিত কৰিছে একাংশ লোকে ৷

ইফালে ঘাটটোৰ ফেৰী বোৰত যাত্ৰীৰ সুৰক্ষাৰ কোনো ব্যবস্থা নাই বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে, অতি লক্ষণীয়ভাৱে খাবলু ঘাটতো চৰকাৰী অনুমোদিত ঘাট যদিও ফেৰীত কোনো টিকটৰ ব্যবস্থা নাই ৷ যাৰবাবে হঠাৎ দুৰ্ঘটনা ঘটিলে যাত্ৰীৰ কোনো তথ্য পাবলৈ নোহোৱা হ'ব বুলি শংকা প্ৰকাশ কৰিছে একাংশ সচেতন লোকে ৷ যাৰ বাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰক শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.