নাওবৈচা, ৮জুলাইঃ লখিমপুৰৰ বগীনদীৰ বড়ো সাহিত্য সভা ভৱনৰ চৌহদত আয়োজিত এই সম্বৰ্দ্ধনা সভাত লখিমপুৰ জিলা বড়ো সাহিত্য সভা, লখিমপুৰ জিলা বড়ো ছাত্ৰ সন্থা, বি পি অ আৰু আবৌফৰ যুটীয়া উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । লখিমপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি নলেন মুছাহাৰীৰ সভাপতিত্ব অনুষ্ঠিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত বড়ো মাধ্যমৰ পৰা কৃৰ্তিৰে উত্তীৰ হোৱা ৮ গৰাকী ছাত্ৰ -ছাত্ৰীক বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত গামোছা আৰনাই আৰু এখনিকৈ মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও একোখন বহী আৰু কলম উপহাৰ হিচাপে প্ৰদান কৰে ।
এই সম্বৰ্দ্ধনা অনুষ্ঠানত বড়ো সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ সদস্য মহেন্দ্ৰ দৈমাৰীৰ লগতে নিখিল বড়ো ছাত্র সংন্থা, নিখিল বড়ো মহিলা কল্যাণ পৰিষদ , সংযুক্ত বড়ো গণ মঞ্চ , জিলা বড়ো সাংস্কৃতিক মঞ্চৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ।