ETV Bharat / state

Waiting for Dad: ২১ বছৰে শতদলৰ অপেক্ষাত পত্নী-কন্যা

author img

By

Published : Dec 6, 2021, 10:37 PM IST

বিগত 21 বছৰে সন্ধানহীন((Person missing for last 21 year)) হৈ আছে লখিমপুৰৰ নাৰায়ণপুৰৰ নিবাসী শতদল কুৰ্মী ৷ শতদলৰ অপেক্ষাত এতিয়াও অধীৰ অপেক্ষাৰে ৰৈ আছে পত্নী আৰু কন্যা ৷

Family of Shatadal Kurmi
http://10.10.50.80:6060///finalout3/assam-nle/finalout/06-December-2021/13835729_lak.mp4

নাওবৈচা, ৫ ডিচেম্বৰ : ২০০১ চনৰ মাৰ্চ মাহৰ কোনোবা এটা দিনৰ কথা । কণমানি তিনিমহীয়া জীয়াৰীক মামীয়েকৰ কোঁচত দি গাঁৱৰে এঘৰলৈ বিয়া খাবলৈ যাম বুলি ওলাই গৈছিল নাৰায়ণপুৰৰ মধুপুৰৰ নিবাসী শতদল কুৰ্মী । পিছে যি গ'ল গ'লেই, ২১ বছৰ(Person missing for last 21 year) পাৰ হ'ল, আজিলৈকে ঘৰলৈ ঘূৰি নাহিল শতদল কুৰ্মী ।

Family of Shatadal Kurmi
২১ বছৰে শতদলৰ অপেক্ষাত পত্নী-কন্যা

শতদল কুৰ্মীয়ে তিনিমাহ বয়সতে এৰি থৈ গৈছিল জীয়ৰী প্ৰতিভা কুৰ্মীক । তাই আজি স্নাতক পঞ্চম ষান্মাষিকৰ ছাত্ৰী । দেউতাকক বিচাৰি সদায় ৰাতি চকুলো টোকে প্ৰতিভা(Family of Shatadal Kurmi)ই ৷ দেউতাকৰ জন্মদিনটোত তাই কবিতা লিখে "দেউতা তুমি ঘূৰি আহা, তোমাৰ পৰিচয় মোৰ কলেজৰ বাইদেৱে সুধি থাকে" ৷

১৯৯৪ চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেকানিকেল ইঞ্জিনীয়াৰিং উত্তীৰ্ণ হৈ জ্যোতিমণি কুৰ্মীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল শতদল । বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰায় ডেৰবছৰ পিছতে আহিছিল সেই কাল ধুমুহাজাক । যি জাক ধুমুহাই শতদলক লৈ গৈছিল পত্নী আৰু জীয়ৰীৰ পৰা ।

২১ বছৰে শতদলৰ অপেক্ষাত পত্নী-কন্যা

এতিয়াও ৰাতি ভাত বাঢ়ি দুৱাৰখন খুলি শতদলৰ অপেক্ষাত ৰৈ থাকে পত্নী-কন্যা; জানোচা ঘূৰি আহিব তেওঁ, একেলগে বহি ভাত খাব আগৰ দৰে ।

লগতে পঢ়ক : Srimanta Sankardev Sangha Adhiveshan : সম্প্ৰীতি আৰু সমন্বয়ৰ বিৰল নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.