নিউজ ডেস্ক, 3 মাৰ্চ: পুনৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰা ৷ অসম বিধান সভাত অভিলেখ সংখ্যক ১১ বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা দ্বাদশবাৰৰ বাবে সাজু হৈছে নিৰ্বাচন খেলিবলৈ । পূৰ্বৰ এঘাৰ বাৰ নিৰ্দলীয় হিচাপে ৰাইজৰ প্ৰাৰ্থী হোৱা প্ৰেমধৰ বৰাক এইবাৰো নালাগে কোনো দলৰ টিকট ।
উল্লেখ্য যে, ১৯৬৭, ১৯৭২, ১৯৭৮, ২০০১ চনত নিৰ্দলীয় হিচাপেই বিহপুৰীয়া সমষ্টিৰ পৰা জয়লাভ কৰিছিল প্ৰেমধৰ বৰাই। ১৯৭৯ চনৰ তদানীন্তন যোগেন হাজৰিকা মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা প্ৰেমধৰ বৰা এতিয়া সাজু মনোনোয়ন পত্ৰ দিবলৈ। ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই ২০০১ চনত অসম বিধানসভাৰ প্ৰ'টেম অধ্যক্ষও আছিল।
লগতে পঢ়ক: আজি মুক্তিৰ সম্ভাৱনা কুইপ’ৰ দুই অপহৃত বিষয়াৰ