লখিমপুৰ, 10 জানুৱাৰী: দীর্ঘদিন ধৰি বনাঞ্চলসমূহত চলি আছে বেদখল (Encroachments at forest areas)। লখিমপুৰ জিলাৰ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পাভ সংৰক্ষিত বনাঞ্চল (Pabha Reserved Forest) সৰ্বাধিক বেদখলকাৰীৰ কবলত পৰা বুলি চৰ্চা চলি অহাৰ পিছতে জিলা প্ৰশাসনে 10 জানুৱাৰীত বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱাৰ নিৰ্দেশনা দিছিল (Eviction drive at Pabha Reserved Forest ) ৷ মঙলবাৰে বিয়লি 4 বজাত পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ প্ৰথমটো দিনৰ অন্ত পৰে ৷
মঙলবাৰে পুৱাৰে পৰা জিলা প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে বনাঞ্চলখনৰ আধা এলেকাত আৰক্ষীৰ দলে উচ্ছেদ চলায় (Eviction drive at Pabha Reserved Forest) ৷ ইফালে আৰক্ষী বাহিনীয়ে কেইবাদিনৰ আগৰে পৰা উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি কৰা দেখা পাই বেদখলকাৰীয়ে ঘৰ দুৱাৰ ভাঙি আঁতৰি যোৱাৰ বাবে অভিযানকাৰী দলে কেৱল ঘৰৰ ভেটি অথবা দুই এটা এৰি যোৱা খুটাহে ভাঙিবলগীয়া হয় । আনহাতে বেদখলকাৰীয়ে কৰা সৰিয়হ খেতি, বাৰীত ৰোৱা কল, তামোলৰ গছ আদি বিনষ্ট কৰি পেলায় উচ্ছেদকাৰী দলে ৷ ইয়াৰোপৰি মাছ পোহা পুখুৰী, সাাজি লোৱা পথ আদিও ধ্বংস কৰা হয়।
লক্ষ্যণীয়ভাৱে উচ্ছেদকাৰী দলে একো বাধাৰ সন্মুখীন নোহোৱাকৈ উচ্ছেদ কাৰ্য শান্তিপূৰ্ণভাৱে চলায় নিয়ে । বুধবাৰৰ দিনটোত অভয়াৰণ্যখনত পুনৰ চলিব এই উচ্ছেদ অভিযান ৷ আনহাতে বনাঞ্চলখনত চলা উচ্ছেদ অভিযানক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমছুৱে এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি একপক্ষীয়ভাৱে সংখ্যালঘুৰ বিৰুদ্ধেহে এই উচ্ছেদ চলোৱা হৈছে বুলি কৈ উচ্ছেদিতসকলক খাদ্য আৰু আশ্রয়ৰ ব্যৱস্থা কৰাৰ উপৰিও পুনৰ সংস্থাপনৰ দিহা কৰাৰ দাবী জনাইছে ৷
পাভ সংৰক্ষিত বনাঞ্চলৰ 450 হেক্টৰ ভূমি বর্তমানলৈকে বেদখলকাৰীৰ কবলত আছে । 1941 চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল 4628.87 হেক্টৰ । বনাঞ্চলখনত বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, 2006 ৰ অধীনত আবেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে । আজি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত আধাখনা অঞ্চলৰ 250 হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ মুঠ 299 টা ঘৰ উচ্ছেদ কৰা হয় ।
ইয়াৰ বিপৰীতে অসমীয়া যুৱ মঞ্চই চৰকাৰৰ এই উচ্ছেদ অভিযানক শলাগ জনোৱাৰ উপৰি মানবীয়তাৰ খাতিৰতে উচ্ছেদিত সকলৰ আশ্রয় তথা খাদ্যৰ ব্যবস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । উল্লেখ্য যে বুধবাৰে বনাঞ্চলখনৰ মহঘুলি এলেকাত পুৱাৰ পৰা পুনৰ উচ্ছেদ অভিযান চলিব (Eviction drive at mohghuli) ।
ইয়াৰোপৰি শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই অভয়াৰণ্য বন বিভাগৰ কাগজে পত্ৰই আছে যদিও বৰ্তমান এই অভয়াৰণ্য অবৈধ বেদখলৰ কেন্দ্ৰস্থল হৈ পৰিছে । অচিৰেই সোণাই-ৰূপাই অভয়াৰণ্যতো প্ৰশানৰ নিৰ্দেশনামৰ্মে উচ্ছেদ অভিযান চলিব ৷ 2020 কিঃমিঃ ব্যাসাৰ্ধৰ এই অভয়াৰণ্যখন বিভিন্ন প্ৰকাৰৰ স্তণ্যপ্ৰায়ী প্ৰাণী, চৰাই আৰু সৰীসৃপৰ বাসস্থান ৷
লগতে পঢ়ক: Bagh Hazarika controversy: হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ