ETV Bharat / state

সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুণাসূঁতিলৈ

author img

By

Published : May 23, 2021, 7:35 AM IST

Updated : May 23, 2021, 9:05 AM IST

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি লখিমপুৰৰ ঘুণাসূঁতিত সোৱণশিৰি নৈৰ খহনীয়া। ঘাগৰ আৰু সোৱণশিৰি নৈ একলগ হৈ ঘুণাসূঁতিক এফালৰ পৰা খহাই গৈছে । যাৰ ফলত এক প্ৰকাৰ অঘৰী হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল ৷

erosion of Sowanshiri river at Ghunasuti in Lakhimpur
লখিমপুৰৰ ঘুণাসূঁতিত সোৱনশিৰি নৈৰ প্ৰচণ্ড খহনীয়া

লখিমপুৰ,23 মে': উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি ঘুণাসূঁতিত অব্যাহত আছে সোৱণশিৰি নৈৰ খহনীয়া ৷ বিগত 2000 চনৰে পৰা সোৱণশিৰি আৰু ঘাগৰ নৈ মিলি ঘুণাসূঁতিৰ দহখনকৈ গাঁৱত চলাই গৈছে সংহাৰ ৷ যাৰ ফলত গৃহহাৰা হৈছে কেইবা হাজাৰ পৰিয়াল ৷ হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি খহনীয়াৰ কৱলত দুয়োখন নৈৰ বুকুত জাহ যোৱাত এক প্ৰকাৰ অঘৰী হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল ৷

লখিমপুৰৰ ঘুণাসূঁতিত সোৱণশিৰি নৈৰ প্ৰচণ্ড খহনীয়া

বিগত 13 বছৰে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত অঞ্চলটোৰ বিভিন্নজনে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ সম্প্ৰতি ঐতিহাসিক ঘুণাসূঁতি অঞ্চলটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে ৷ ৰাইজে চকুৰ আগতে শষ্য ভূমি, মৰমৰ ঘৰখন উচন হোৱা চাই চকুলো টুকিবলগীয়া হৈছে । এনে পৰিস্থিতি অব্যাহত থাকিলে অচিৰেই অতীত হৈ পৰিব জংকী পানৈৰ দেশ ঘুণাসূঁতি । সেয়েহে ৰাইজে তৎকালীনভাৱে নদীখনৰ গভীৰতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান সন্মত ব্যৱস্থাৰে খহনীয়া ৰোধৰ দাবী জনাইছে ৷

লগতে পঢ়ক: তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

Last Updated : May 23, 2021, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.