ETV Bharat / state

বিহপুৰীয়াত খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মঙলবাৰে লখিমপুৰৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়া পৰিদৰ্শন কৰি ৰাইজৰ মনৰ বুজ লোৱাৰ লগতে শীঘ্ৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

author img

By

Published : Jul 28, 2020, 4:44 PM IST

Erosion of lakhimpur visited by Cm Sarbananda Sonowal bihpuria assam etv bharat news
বিহপুৰীয়াত খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বিহপুৰীয়া,28 জুলাই: বিগত কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন স্থানৰ বান আৰু গৰাখহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰে ৰাজ্য়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মঙলবাৰে লখিমপুৰৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সমষ্টিটোৰ বনপুৰৈ-জামুগুৰি অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে লখিমপুৰৰ পশ্চিমাঞ্চললৈ ৷

চলিত বৰ্ষত জিলাখনৰ 3নং চেকবান্ধৰ সন্মুখ অংশটো খহনীয়াৰ কবলত পৰি ইতিমধ্যে নিশ্চিহ্ন হৈছে নদীৰ বুকুত ৷ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কেইবাকোটি টকা ব্যয় কৰাৰ পিছতো এইক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা গৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়া পৰিদৰ্শন কৰি ৰাইজৰ মনৰ বুজ লোৱাৰ লগতে শীঘ্ৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী সোণোৱালে বিহপুৰীয়াৰ পূৰ্বে বিহালী আৰু গহপুৰৰো খহনীয়াই সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয় ৷ লগতে মুখ্যমন্ত্ৰী সোণোৱালে বান আৰু খহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতাৰ 72 বছৰ পিছত প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি গঠন কৰাৰ কথা ঘোষণা কৰে ৷ এই কমিটিয়ে ৰাজ্যৰ বান আৰু খহনীয়া ৰোধৰ স্থায়ী সমাধানৰ স্বাৰ্থত কাম কৰিব ৷ নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা এগৰাকী সদস্য মনোনীত কৰি এই কমিটি গঠন কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি এই কমিটিয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ খহনীয়া পৰিদৰ্শন কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে এই সমস্যা সমাধানৰ বাবে সু-পৰিকল্পিত আঁচনি প্ৰস্তুত কৰিব ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চদশ বিত্তীয় আয়োগৰ দায়িত্বত থকা এম কে সিঙক লিখিতভাৱে আবেদন জনোৱাৰ কথা প্ৰকাশ কৰে ৷ ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অব্যাহত আছে খহনীয়া ৷ মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকা,সাংসদ পল্লৱলোচন দাস আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে ৷

লগতে চাওকঃ বিজেপি নেতৃত্বত সংঘাত: সাংগঠনিক সচিব গীতাৰ্থ গোস্বামীক অপসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.