ETV Bharat / state

সোঁৱণশিৰিৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি নৈপৰীয়াৰ পূজা-অৰ্চনা - পূজা-অৰ্চনা

লখিমপুৰত সোঁৱণশিৰিৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি নৈৰ পাৰত পূজা অৰ্চনা নৈপৰীয়া ৰাইজৰ ৷ সোঁৱণশিৰিৰ বুকুত সৰ্বস্ব হেৰুৱাৰ পাচতো খহনীয়া সন্দৰ্ভত জনপ্ৰতিনিধিৰ পৰা কোনো সহাৰি নাপাই ক্ষোভ প্ৰকাশ নৈপৰীয়া ৰাইজৰ ৷ যাৰ বাবে নেদেখাজনৰ ওপৰত শেষ আস্থা নৈপৰীয়াৰ ৷

সোঁৱণশিৰি
সোঁৱণশিৰিৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি পূজা-অৰ্চনা নৈপৰীয়াৰ
author img

By

Published : Sep 1, 2020, 8:01 PM IST

লখিমপুৰ, 1 ছেপ্তেম্বৰঃ সোঁৱনশিৰি, 1 চেপ্তেম্বৰঃ লখিমপুৰত সোঁৱণশিৰিৰ কৰাল গ্ৰাসত পৰি এতিয়া অস্তিত্বহীনতাত ভুগিছে একাংশ নৈপৰীয়া । লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মুদৈবিল এতিয়া অস্তিত্বৰ সংকটত ৷ সোঁৱণশিৰিৰ কৱলত পৰি ঠিকনাহীন হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল ৷ সোৱণশিৰি নদীৰ খহনীয়াই শেষ কৰি পেলোৱাৰ পিছতো এই সকল লোকৰ কাৰণে নিমাত জনপ্ৰতিনিধি ৷ যাৰ বাবে এই সকল লোকৰ শেষ ভৰষা হৈছে নেদেখাজন ৷ সেয়হে মঙলবাৰে নদীৰ পাৰত পূজা-অৰ্চনা আৰম্ভ কৰিছে নৈপৰীয়া ৰাইজে ৷

সোঁৱণশিৰিৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি পূজা-অৰ্চনা নৈপৰীয়াৰ

আনহাতে, চৰকাৰৰ ওপৰত ভৰষা হেৰুৱাই ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ ৷ নিৰ্বাচনৰ সময়ত ভোট বিছাৰি অহা শাসকীয় জনপ্ৰতিনিধি সকলক এইবাৰ এসেকা দিব বুলি মত প্ৰকাশ কৰে সোঁৱণশিৰিৰ বুকুত সৰ্বস্ব হেৰুৱা নদীপৰীয়া ৰাইজে ৷ অঞ্চলটোক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিবৰ বাবে সজোৰে দাবী জনাইছে জনতাই ৷ উল্লেখ্য যে, এইসকল লোকৰ কাতৰ আহ্বানে চকু মেল খুৱাবনে ভোটৰ ৰাজনীতিত ব্যস্ত শাসকীয় জনপ্ৰতিনিধি কিম্বা চৰকাৰৰ, সেয়া এইমুহূৰ্তত ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়কঃ নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰাজীৱ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.