ETV Bharat / state

Encroachment in Lakhimpur: বেদখলে বিপদ মাতিছে লখিমপুৰ চহৰলৈ - Artificial flood in lakhimpur

লখিমপুৰ চহৰক কৃত্রিম বানৰ পৰা ৰক্ষা কৰি পানী বহন কৰি উলিয়াই নিয়া কেইবাটাও জানৰ ভিতৰত অন্যতম হ’ল গৰিয়াজান । এই গৰিয়াজানৰ অস্তিত্ব এতিয়া সংকটত । ব্যাপক বেদখলে জানটোৰ অস্তিত্ব বিলোপ কৰাৰ উপক্রম কৰাৰ লগতে লখিমপুৰ চহৰৰখনলৈ ভয়াৱহ কৃত্রিম বানৰ কবলত পৰাৰ অশনি সংকেত কঢ়িয়াই আনিছে ।

Artificial flood threat due to encroachment in Lakhimpur
বেদখলে বিপদ মাতিছে লখিমপুৰ নগৰলৈ
author img

By

Published : Aug 4, 2023, 2:11 PM IST

Updated : Aug 4, 2023, 2:21 PM IST

বেদখলে বিপদ মাতিছে লখিমপুৰ নগৰলৈ

লখিমপুৰ,৪ আগষ্ট: অপমৃত্যুৰ কবলত লখিমপুৰৰ গৰিয়াজান । চহৰখনৰ সত্তৰ শতাংশ পানী বহন কৰা জানটো বৰ্তমান অস্তিত্বহীন হোৱাৰ উপক্ৰম হৈছে । বছৰ বছৰ ধৰি লখিমপুৰ নগৰক কৃত্রিম বানৰ পৰা পৰিত্ৰাণ দি আহিছে গৰিয়াজান, সোমদিৰি, খৰখৰি আদি কেইবাটাও জানে ।

বিশেষ কৈ গৰিয়াজান চহৰৰ মাজেৰে বৈ যোৱা জান কেইটাৰ অন্যতম । গৰিয়াজানে নগৰখনৰ প্ৰায় চৈধ্যটা ৱাৰ্ডৰ পানী বহন কৰি বোৱাই নি নগৰখনক কৃত্রিম বানৰ পৰা ৰক্ষা কৰি আহিছে । পিছে এই গৰিয়াজান এতিয়া অপমৃত্যুৰ কবলত । নগৰ এলেকাত বিভিন্ন স্থানত জানটোৰ দুয়োপাৰে ব্যাপক ৰূপত বেদখল কৰা পৰিলক্ষিত হৈছে ।

কোনো কোনো এলেকাত জানটো দুফুটমানতহে অস্তিত্ব আছে । এসময়ৰ আহল বহল তথা সুন্দৰভাৱে সোতেৰে বৈ থকা জানটো এতিয়া অস্তিত্বহীন হোৱাৰ উপক্ৰম ঘটিছে । জানটোৰ দুয়োপাৰে হোৱা দখলৰ বাবে প্ৰায় দুফুট বহল জানটোৱে এতিয়া নগৰখনৰ পানী বহন কৰি উলিয়াই নিব নোৱাৰে ।

যাৰ বাবে নগৰখনৰ বিভিন্ন ৱাৰ্ড এতিয়া এজাক সামান্য বৰষুণতে ডুব যায় । হাহাকাৰ কৰিবলগীয়া হয় লখিমপুৰ নগৰৰ বাসিন্দাই । ছাত্র-ছাত্রীৰ পৰা সকলোৱে কৃত্রিম বানত জীয়াতু ভুগিবলগীয়া হয় । নগৰখনৰ এনে দুৰ্যোগৰ মূলতে গৰিয়াজানৰ অপমৃত্যু বুলি ৰাইজে ঠাৱৰ কৰিছে ।

উল্লেখ্যযোগ্য় যে, বিগত সময়ত জানটোৰ দুয়োপাৰে উচ্ছেদ চলোৱা হৈছিল যদিও পুনৰ কেইবছৰ মানৰ পৰা দুগুণে জানটোৰ ওপৰত বেদখল আৰম্ভ হ'ল । পৰিণতিত জানটো এতিয়া অস্তিত্বহীন হোৱাৰ পথত । জানটোৰ অস্তিত্ব সমুলি লোপ পালে কৃত্রিম বানৰ কবলত পৰি লখিমপুৰ নগৰৰ অৱস্থা হ'ব অবৰ্ণনীয় ।

সেয়ে এতিয়া লখিমপুৰৰ সকলো ৰাইজে জানটো বেদখলৰ কবলৰ পৰা মুক্ত কৰিবলৈ দাবী জনাইছে । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱায়ো নগৰখনৰ প্ৰতি নামি অহা এনে বিপৰ্যয়ৰ আশংকা প্রকাশ কৰি সংশ্লিষ্ট বিভাগক উচ্ছেদ অভিযান চলাই জানটো বেদখলমুক্ত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Sudakshina Sarma tribute ceremony: সুদক্ষিণা শৰ্মালৈ সংগ্ৰাম লগ্নে আজি শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Last Updated : Aug 4, 2023, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.