ETV Bharat / state

ৰঙা বনাঞ্চলত চৰকাৰী বিষয়াক বেদখলকাৰীৰ আক্ৰমণ

লখিমপুৰৰ ৰঙা বনাঞ্চলত জিলা বন বিষয়া-ৰেঞ্জাৰক আক্ৰমণ অৰুণাচলী লোকৰ ৷ পাৱাৰ গ্ৰীড লাইনৰ ট্ৰেক আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ অবৈধ নিৰ্মাণকাৰ্যৰ বুজ ল’বলৈ গৈছিল দলটো ৷

author img

By

Published : Nov 20, 2021, 7:24 PM IST

Updated : Nov 20, 2021, 8:20 PM IST

Encroachers attack government officials in Ranga forest
ৰঙা বনাঞ্চলত চৰকাৰী বিষয়াক বেদখলকাৰীৰ আক্ৰমণ

নাওবৈচা, ২০ নৱেম্বৰ : অসম-অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চল(Ranga Resrve Forest)ৰ মাজেৰে পাৰ হৈ যাব লগা পাৱাৰ গ্ৰীড লাইনৰ ট্ৰেক(Track of power grid line) আৰু অৰুণাচল প্ৰদেশ চৰকাৰে অবৈধভাৱে নিৰ্মাণ কৰি থকা পথটি পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা লখিমপুৰ জিলা বন প্ৰাধিকাৰী আৰু হাৰমতী আঞ্চলিক বন বিষয়াৰ দলটোক শনিবাৰে অৰুণাচল প্ৰদেশৰ বেদখলকাৰী লোকে শাৰীৰিক আক্ৰমণ চলোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । জিলাখনৰ নাওবৈচা সমষ্টিৰ অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ৰঙা সংৰক্ষিত বনাঞ্চলৰ ফুলবাৰী পঞ্চায়ত এলেকাৰ ১ নং ধেমাগড়ত সংঘটিত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

শনিবাৰে পুৱা লখিমপুৰ জিলা বন প্ৰাধিকাৰী অশোক দেৱচৌধুৰী, হাৰমতী আঞ্চলিক বন বিষয়া ঘুনজিৎ তালুকদাৰসহ বন বিভাগৰ এটা দলে ফুলবাৰী বন খণ্ড এলেকাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ১নং ধেমাগড়ত পাৱাৰ গ্ৰীডে নিৰ্মাণ কৰিব লগা এটা বৈদ্যুতিক লাইন(ট্ৰেক)ৰ স্থান আৰু অৰুণাচল প্ৰদেশ চৰকাৰে বনাঞ্চলৰ ভূমিত বেদখল কৰি নিৰ্মাণ কৰি থকা পথ পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈছিল । তেনে সময়তে অৰুণাচলী লোকৰ এটা দল উপস্থিত হৈ অসমৰ বন বিভাগৰ দলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে শাৰীৰিকভাৱেও আক্ৰমণ কৰে ।

অৰুণাচলী দুৰ্বৃত্তৰ দলে লখিমপুৰ জিলা বন প্ৰাধিকাৰীৰ গাৰ কাপোৰ আজোৰাৰ লগতে নথি-পত্ৰ, পৰিচয় পত্ৰ কাঢ়ি নিয়ে । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে । মন কৰিবলগীয়া যে, অসম চৰকাৰৰ চূড়ান্ত হেমাহিৰ পৰিণতিত চুবুৰীয়া ৰাজ্যখনে ৰঙা সংৰক্ষিত বনাঞ্চলৰ গছ গছনি কাটি ধ্বংসযজ্ঞ চলোৱাই নহয়, কেইবাখনো গাঁও, চৰকাৰী কাৰ্যালয়, পকী পথ,গীৰ্জা নিৰ্মাণ কৰি বেদখল তীব্ৰতৰ কৰি তুলিছে ।

শেহতীয়াকৈ বনাঞ্চলৰ মাজেৰে এটি দুই লেনযুক্ত পথৰ নিৰ্মাণ চলাই থকাৰ পাছতো নীৰৱ হৈ আছে অসম চৰকাৰ । বনাঞ্চলৰ এই বৃহৎ এলেকাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তো চুবুৰীয়া ৰাজ্যখনে অবৈধভাৱে দখল কৰি স্থায়ী নিৰ্মাণকাৰ্য চলাই গৈছে । কেৱল ভয় ভাবুকি দিয়েই অৰুণাচল প্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ লোকে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ অসমীয়া ৰাইজক সন্ত্ৰস্ত কৰি ৰাখিছে ।

লগতে পঢ়ক : লামডিং বনাঞ্চলৰ উচ্ছেদস্থলী পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

Last Updated : Nov 20, 2021, 8:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.