ETV Bharat / state

Teachers Day: লখিমপুৰৰ ১৮ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:09 PM IST

মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় ৬২ সংখ্যক শিক্ষক দিৱস । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো ১৮ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় । ইয়াৰে ৰাজ্যিক বঁটাপ্ৰাপ্ত এজন শিক্ষকক গুৱাহাটীৰ কেন্দ্রীয় কাৰ্যসূচীত বঁটা প্ৰদান কৰা হয় । ইয়াৰ বিপৰীতে আন ১৭ গৰাকী জিলা কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষকক জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে আয়োজন কৰা কাৰ্যসূচীত বঁটা প্ৰদান কৰা হয় ।

Teachers Day 2023
৬২ সংখ্যক শিক্ষক দিৱস
৬২ সংখ্যক শিক্ষক দিৱস

লখিমপুৰ, ৫ছেপ্টেম্বৰ: আজি ৬২ সংখ্যক শিক্ষক দিৱস । এই দিৱসটো কৃতী শিক্ষকসকলক সম্বৰ্ধনা জনাই বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় । এইবাৰ লখিমপুৰ জিলাত মুঠ ১৮ গৰাকী শিক্ষকক কৃতী শিক্ষক হিচাপে নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰা হয় ।

ইয়াৰে এগৰাকীয়ে ৰাজ্যিক বঁটা লাভ কৰাৰ লগতে ১৭ গৰাকীয়ে জিলা কৃতী শিক্ষকৰ বঁটা পাবলৈ সক্ষম হয় । ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰাপ্ত শিক্ষকজন হ'ল জিলাখনৰ জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰি ভাগৱতী ।

তেওঁক গুৱাহাটীত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিক্ষক দিৱসত বঁটা প্ৰদান কৰাৰ বিপৰীতে আন ১৭ জনক জিলা পৰ্যায়ত বঁটা প্ৰদান কৰা হয় । জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভাগৰ সহযোগত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যাসূচীত ১৭ গৰাকী শিক্ষকক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় ।

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক হেম শইকীয়াই । জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ কৃতী শিক্ষক সকলক বঁটা প্ৰদান কৰা হয় ।

জিলাখনৰ কৃতী শিক্ষকসকল হৈছে ৮০ নং ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান চন্দ্র কান্তি দত্ত, ফেনখাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান ৰুচেনা বেগম, লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজু দত্ত, বিহদিয়া মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান ৰূপম সোণোৱাল, ৰূপহী ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰ হাজৰিকা, কাৰীপুখুৰী এম ই স্কুলৰ প্ৰধান চন্দ্র চাংমাই, নাৰায়ণ পুৰ গাৰ্লছ এমভি স্কুলৰ প্ৰধান ইভা দত্ত, চুকুলীভৰীয়া এমভি স্কুলৰ সহ শিক্ষক আফাজুৰ ৰহমান, শলাল তেলাহী কমলাবৰীয়া হাইস্কুলৰ সহকাৰী শিক্ষক অৰুণা তামুলীফুকন, টাউন হাই মাদ্ৰাছাৰ সহ শিক্ষয়িত্ৰী লাবণ্য ফুকন, লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্য ৰঞ্জন বৰা, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়া, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী অৰুন্ধতী বৰা, পটিয়া চাপৰি হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমেন কলিতা, তাৰিয়নী বৰবিল হাইস্কুলৰ প্ৰধান শিক্ষক দমবাহাদুৰ নেৱাৰ আৰু পানী গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক ভৃগু প্ৰসাদ শৰ্মা ।

তেওঁলোকক গামোচা, শৰাই, চেলেং, প্ৰশস্তি পত্ৰ, গছ পুলি আদিৰে সম্বৰ্ধনা জনোৱা হয় । সভাখনত ভাষণ দি জিলা আয়ুক্ত সুমিত সাত্তাৱানে কৃতী শিক্ষকসকলক অভিনন্দন জনোৱাৰ লগতে শিক্ষার্থীসকলক বিজ্ঞান মনষ্ক কৰি গঢ় দিবলৈ আহ্বান জনায় । তেওঁ তাৰকাগৃহ আদি পৰিদৰ্শন কৰাই শিক্ষার্থীসকলক বিজ্ঞানৰ দিশত আকৰ্ষিত কৰিবলৈও শিক্ষকসকলক আহ্বান জনায় । সভাত জিলাৰ অতিৰিক্ত আয়ুক্ত ভাস্কৰ জ্যোতি বৰাসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

Teachers day 2023: শিক্ষক দিৱসৰ দিনাই ৰহাৰ এগৰাকী শিক্ষয়িত্ৰীৰ আৰ্তনাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.