ETV Bharat / state

অভিযুক্ত অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা শিক্ষা বিভাগৰ

author img

By

Published : Aug 26, 2022, 3:49 PM IST

আজিও প্ৰতিবাদমুখৰ হৈ আছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদ ৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ কুকৰ্ম ফাদিল হোৱাৰ পাচত এইবাৰ শিক্ষা বিভাগে জাৰি কৰিছে তদন্তৰ নিৰ্দেশনা (Education department announces probe against Lakhimpur college principal) ৷

Protest against lakhimpur college pricipal
অভিযুক্ত অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে তদন্তৰ ঘোষণা শিক্ষা বিভাগৰ

লখিমপুৰ, ২৬ আগষ্ট : এতিয়াও প্ৰতিবাদৰ জুই জ্বলি আছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদত (Protest against lakhimpur college pricipal) ৷ বৃহস্পতিবাৰে ফাদিল হোৱা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ নিৰ্লজ কাণ্ডই কেৱল লখিমপুৰকে নহয় দিছপুৰ পৰ্যন্ত জোকাৰি গৈছে । যাৰ বাবে বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত শিক্ষা বিভাগে তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে ।

অভিযোগ অনুসৰি, নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষই কোনো অচিনাক্ত যুৱতীৰে মেছেঞ্জাৰত অশ্লীল বাৰ্তালাপ কৰিছিল ৷ যাৰ অভিযোগত বৃহস্পতিবাৰে কলেজখনত বিভিন্ন ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্তও কৰিছিল ৷ ইয়াৰ পাচতেই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশ ক্ৰমে শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে এক তদন্তৰ নিৰ্দেশ দিয়ে (Education department announces probe against Lakhimpur college principal) ৷

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে কলেজখনত প্ৰতিবাদৰ জোৱাৰ দেখি পৰিচালনা সমিতিয়ে জৰুৰীভাৱে এখন সভাৰ আয়োজন কৰি অভিযুক্ত অধ্যক্ষগৰাকীক পোন্ধৰ দিনৰ বাধ্যতামূলক ছুটী দিয়ে ৷ লগতে উপাধ্যক্ষ ৰঞ্জন কুমাৰ বৰাক অস্থায়ীভাৱে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে ।

আনহাতে, অভিযুক্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আন বহু দল সংগঠনো । সকলোৱে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে শক্তিশালী তদন্ত কৰি দোষী প্ৰমাণিত হ’লে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে । কলেজখনৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা পৰিচালনা সমিতিক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰো আহ্বান জনাই দাখিল কৰে এক পত্ৰ ৷

আনকি লখিমপুৰ জিলা ছাত্ৰ সন্থাই ৪৮ ঘন্টাৰ ভিতৰত অভিযুক্ত অধ্যক্ষগৰাকীক বৰ্খাস্ত কৰি উপায়ুক্তক দায়িত্ব ল’বলৈ দাবী জনায় ৷ লগতে জিলা ছাত্ৰ সন্থাৰ হৈ সভাপতি সীমান্ত নেওগ আৰু সম্পাদক স্বৰাজ শংকৰ গগৈয়ে জিলা উপায়ুক্তগৰাকীক এখনি স্মাৰক পত্ৰও প্ৰদান কৰে ৷

ইফালে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে উক্ত ঘটনা সন্দৰ্ভত ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে এখনি স্মাৰক পত্ৰও ৷ সমিতিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি লুলু বৰুৱা আৰু সম্পাদক ৰূপাংকৰ বৰাই প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত ৰাজ্যপালক সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি তৎকালিনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে তদন্তৰ খাতিৰত অধ্যক্ষগৰাকীক সাময়িক অব্যাহতি দিয়াৰ উপৰিও কলেজখনত যাতে এই ঘটনাই পৰিৱেশ বিঘ্নিত কৰিব নোৱাৰে, তাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈও উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে ৰাজ্যপালগৰাকীক আহ্বান জনায় । আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লখিমপুৰ নগৰ শাখায়ো অধ্যক্ষগৰাকীক নিলম্বন কৰাৰ দাবী জনায় ৷

লগতে তেওঁৰ ডক্টৰেট ডিগ্ৰী সম্পৰ্কেও তদন্ত কৰাৰ আহ্বান জনায় । হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক দীপাঞ্জল সোণোৱাল আৰু শম্ভু সিংহয়ো এক শক্তিশালী তদন্তৰ দাবী জনায় ৷

লগতে পঢ়ক : লম্পট অধ্যক্ষ, মেছেঞ্জাৰত ছাত্ৰীৰ লগত অশ্লীল বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.