লখিমপুৰ, ১২ মাৰ্চ : সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাদফীয়া দাবীত ৭ মাৰ্চৰ পৰা ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে (Homeguards Demand Regularization of their Jobs) । গৃহৰক্ষী সন্থাৰ এই আন্দোলনলৈ শেহতীয়াকৈ সমৰ্থন জনাইছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷
গৃহৰক্ষী সন্থাৰ আন্দোলনলৈ চৰকাৰে এতিয়ালৈ গুৰুত্ব নিদিয়াত তীব্ৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে । এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই গগৈয়ে কয়- এফালে লাখে লাখে নিযুক্তিৰ কথা কোৱা চৰকাৰখনে ১৩ হেজাৰ গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা আঁতৰাই নিবনুৱা কৰিব খুজিছে । শ্ৰম আইনমতে পাবলগীয়া নূন্যতম মজুৰিৰ পৰা বঞ্চিত কৰি শোষণ বঞ্চনা কৰা হৈছে গৃহৰক্ষী জোৱানসকলক । তেওঁলোকৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব দিয়া নাই ।
তেওঁ লগতে কয় যে, আন ৰাজ্যত ২০ হেজাৰৰো অধিক দৰমহা দিয়া গৃহৰক্ষীসকলক অসমত শ্ৰম আইনমতে পাবলগীয়া নূন্যতম মজুৰিৰ পৰাও বঞ্চনা কৰা হৈছে । নিবনুৱা সমস্যা সমাধানৰ হকে প্ৰায়েই নিযুক্তিৰ কথা কোৱা চৰকাৰখনে ৰাজ্যৰ ২৬ হেজাৰ গৃহৰক্ষী জোৱানৰ ১৩ হেজাৰ কৰ্তনহে কৰিব খুজিছে । তেওঁ চৰকাৰক কৰ্তনৰ পৰিৰ্বতে ২৬ হেজাৰৰ ঠাইত ৫২ হেজাৰক নিযুক্তি দিয়াৰহে দাবী জনায় ৷
গৃহৰক্ষীসকলৰ দাবী মানি ল’বলৈ তেওঁ চৰকাৰক আহ্বান জনায়, অন্যথা এই আন্দোলনে গণ আন্দোলনৰ(Home Guards hold protest) ৰূপ ধৰিব বুলি চৰকাৰক সকীয়নি দিয়ে । দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে লগতে কয় যে, গৃহৰক্ষীসকলৰ দাবী চৰকাৰে মানি নল’লে গৃহৰক্ষীৰ আন্দোলনৰ সমৰ্থনত ৰাইজ ৰাজপথলৈ ওলাই আহিব ।
লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট