ETV Bharat / state

লখিমপুৰত নকল সোণৰ মূৰ্তিসহ আটক কলিকতাৰ দম্পতিৰ - BANGALMARA

নকল সোণৰ বেহাৰ ৰম্যভূমিত পৰিণত লখিমপুৰৰ বঙালমৰা (LAKHIMPUR BANGALMARA) । নকল সোণৰ (duplicate gold) বেহাৰ দুষ্ট চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হৈছে বহুজন ।

duplicate-gold-recover-at-lakhimpur
লখিমপুৰত নকল সোণৰ মূৰ্তি সহ আটক কলিকতাৰ দম্পতি
author img

By

Published : Jul 16, 2021, 10:21 AM IST

লখিমপুৰ, 16 জুলাই : লখিমপুৰত অব্যাহত আছে নকল সোণৰ বেহা । জিলাখনৰ বঙালমৰাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছে এনে অবৈধ বেহা । আৰক্ষী বিভাগে (POLICE) সঘনে অভিযান চলাই বহু নকল সোণৰ মূৰ্তি জব্দ কৰাৰ উপৰিও এনে বেহাত জৰিত বহু লোকক কৰায়ত্ব কৰিছে যদিও এতিয়াও ৰোধ কৰিব পৰা নাই এই অবৈধ ব্যৱসায় । কেৱল অসমৰে নহয় চুবুৰীয়াৰাজ্য অৰুণাচল, মেঘালয়ৰ লগতে পশ্চিম বংগ পৰ্যন্ত বহু লোকক প্ৰবঞ্চনাৰ জালত পেলাই লুন্ঠন কৰি আহিছে নকল সোণৰ বেহাত জড়িত সকলে । বৃহস্পতিবাৰেও তেনে এক ঘটনাৰে পুনৰাবৃত্তি ঘটিল লখিমপুৰত (LAKHIMPUR) ।

লখিমপুৰত নকল সোণৰ মূৰ্তি সহ আটক কলিকতাৰ দম্পতী

ঘটনা অনুসৰি নকল সোণৰ (duplicate gold) মূৰ্তি কিনিবলৈ কলকাতাৰ পৰা আহিল বৃদ্ধ দম্পতি । লখিমপুৰৰ বঙালমৰাৰ (BANGALMARA) ৰাজপথত নকল সোণৰ যীশুৰ মূৰ্তিসহ আটক হ’ল কলকাতাৰ (Kolkata )বৃদ্ধ দম্পতী আৰু বিক্ৰী কৰিবলৈ অহা আন এগৰাকী মহিলা । ধৃত কেইজন হ’ল কলকাতাৰ ২৪ পৰগনা জিলাৰ নিলীমা চক্ৰৱৰ্তী (৬১), গোপাল চক্ৰৱৰ্তী (৭১) আৰু বঙালমৰাৰ সোণাপুৰৰ নাচিমা বেগম । ধৃত নাচিমা বেগমক সোণাপুৰৰ হাসেন আলিৰ পুত্ৰ হুমায়ুনে যীশুৰ মূৰ্তিটো দি কলকাতাৰ লোক দুজনৰ হাতত তুলি দিবলৈ দিছিল ।

বঙালমৰাত একাংশ লোকৰ সন্দেহ ওপজাত তিনিওকে সোধাপোচা কৰাত উদ্ধাৰ হয় নকল সোণৰ মূৰ্তিটো । কলকাতাৰ বৃদ্ধ দম্পতিয়ে আঢ়ৈ লাখ টকাত নকল সোণৰ মূৰ্তিটোক প্ৰকৃত সোণৰ মূৰ্তি বুলি ক্ৰয় কৰি নিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ।

সম্প্ৰতি আৰক্ষীয়ে ধৃত লোক কেইজনক সোধাপোচা অব্যাহত ৰাখিছে । ক’ভিডৰ সংহাৰৰ সময়তে চৌদিশে আৰক্ষীৰ নিচিদ্ৰ তালাচীৰ মাজতে কনটেইনমেন্ট জ'ন লখিমপুৰলৈ কেনেকৈ আহিল কলকাতাৰ দম্পতি তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । যোৱা কিছুদিন ধৰি লখিমপুৰৰ বঙালমৰাত আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত নকল সোণৰ বেহা সমুলাঞ্চে উৎখাত হৈছিল ৷ যদিও পুনৰ একাংশ কুখ্যাত লোকে লক ডাউনৰ মাজতে আৰম্ভ কৰিছে নকল সোণৰ ৰমৰমীয়া বেহা ।

লগতে পঢ়কঃ দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতুৰীৰ কোব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.