ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত লখিমপুৰত জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:43 PM IST

Protest in Lakhimpur : লখিমপুৰত প্ৰতিবাদ ৷ ছয় দফীয়া দাবী পূৰণৰ হকে এইবাৰ প্ৰতিবাদত বহিল সমগ্ৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল ৷

Protest in Lakhimpur
লখিমপুৰত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

লখিমপুৰ, ২৯ ডিচেম্বৰ : শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত এইবাৰ লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰে অসহযোগ কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীৰ দাবী, জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বাবে সুকীয়া দৰমহা গাঁথনিৰ ব্যৱস্থা কৰাৰ লগতে গ্ৰেড পে বৃদ্ধি কৰক ৷

ইয়াৰ উপৰিও পৰ্যবেক্ষক সহায়কৰ পদোন্নতিত দৰমহা বৃদ্ধি কৰা, জাৰিকাৰকসকলৰ ৩ শতাংশ দৰমহা বৃদ্ধি কৰি পেন্সনৰ সমস্যা সমাধান কৰাৰ লগতে সৰ্বস্তৰত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ।

লগতে প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে অহা তিনি জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব কৰ্মচাৰী সন্থাৰ কৰ্ণধাৰ সমিতি ৷ এই কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে যদিহে চৰকাৰে তেওঁলোকৰ দাবী মানি নলয়, তেন্তে অহা তিনি জানুৱাৰীৰ পাচৰ পৰা একেৰাহে প্ৰতিবাদী কাৰ্যসূচী চলাই নিব ৷ সংবাদ মাধ্যেমৰ আগত এই কথা উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যজুৰি অচল হৈ পৰে জিলা প্ৰশাসনৰ সমূহৰ কাম-কাজ । সমূহ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই শুকুৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ গ্ৰহণ কৰে অসহযোগ কাৰ্যসূচী ৷ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে প্ৰতিখন জিলা সদৰত কৰ্মচাৰীসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

আন জিলাৰ দৰে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লখিমপুৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ছয় দফীয়া দাবী পূৰণৰ হকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক : আলফা(স্বা)ক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.