ETV Bharat / state

লখিমপুৰৰ 19 গৰাকী বিধৱা মহিলাক সাহাৰ্যৰ চেক বিতৰণ সঞ্জয় কিষানৰ

author img

By

Published : Jul 25, 2021, 6:35 AM IST

ক'ভিডে বিধৱা কৰা মহিলা সকলৰ মাজত শনিবাৰে মুখ্যমন্ত্ৰীৰ ক’ভিড-19 বিধৱা সাহাৰ্য আঁচনিৰ চেক বিতৰণ কৰে মন্ত্ৰী সঞ্জয় কিষানে ৷ লখিমপুৰৰ 19 গৰাকী বিধৱা মহিলাৰ মাজত বিতৰণ কৰা হয় এই সাহাৰ্য ৷

Distribution of relief cheques
লখিমপুৰৰ 19 গৰাকী বিধৱা মহিলাক সাহাৰ্যৰ চেক বিতৰণ

লখিমপুৰ, ২৪ জুলাই : মুখ্যমন্ত্ৰীৰ ক’ভিড-19 বিধৱা সাহাৰ্য আঁচনিৰ অধীনত ক'ভিডত স্বামীহাৰা হোৱা ৰাজ্যৰ মহিলা সকলক এককালীন সাহাৰ্য প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি লখিমপুৰ জিলাটো বিধৱা মহিলাসকলক এই আঁচনিৰ অধীনত সাহাৰ্য বিতৰণ কৰা হয় ৷ এই উপলক্ষে শনিবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় ৷

উক্ত সভাতে অসম চৰকাৰৰ চাহ জনজাতি উন্নয়ন আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী তথা লখিমপুৰৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষানে বিধৱা মহিলা সকলক চেক বিতৰণ কৰে ৷ জিলাখনৰ 19 গৰাকী বিধৱা মহিলাক মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ আঢ়ৈ লাখ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানত লখিমপুৰৰ বিধায়ক মানৱ ডেকা, জিলা উপায়ুক্ত সুমিত ছত্তৱান, জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা, জিলা আৰক্ষী অধীক্ষক ড৹ বেদান্ত কুমাৰ ৰাজখোৱাকে ধৰি কেইবাজনো উচ্চ পদস্থ চৰকাৰী বিষয়া উপস্থিত থাকে ৷

চেক বিতৰণ কৰি মন্ত্রীজনে কয়, এইয়া চৰকাৰৰ কেৱল সাহায্য আঁচনিয়েই নহয় । দুৰ্ভগীয়া পৰিয়াল সমূহৰ কাষত ঠিয় দি তেওঁলোকক সাহস যোগোৱাৰ বাবে প্ৰয়াস কৰিছে চৰকাৰে ৷ বিধাৱ মহিলা সকলক আৰ্থিকভাৱে সহায়ৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত আৰু ব্যৱস্থা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

জিলাখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, লখিমপুৰ জিলাত ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে যদিও সাধাৰণ অৱস্থালৈ অহা নাই ৷ গতিকে সকলোৱে ক'ভিড প্ৰট'কল পালন কৰি চলাৰ লগতে অধিক সতৰ্ক হোৱাতো বৰ্তমান সময়ত অতি প্ৰয়োজন ৷ জিলাখনত ভেকচিন প্ৰদান, সজাগতা বৃদ্ধি আদিৰ লগতে নিৰ্মিয়মান মেডিকেল কলেজ সোনকালে মুকলি কৰা, আই চি ইউৰ ব্যৱস্থা বৃদ্ধি কৰাত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ লগতে লখিমপুৰ আৰু ধেমাজি জিলাত চৰকাৰে গ্ৰহণ কৰা জলজীৱন আঁচনি ৰূপায়নৰ কাম ক্ষীপ্ৰ গতিত চলি আছে বুলি মন্তব্য প্ৰকাশ কৰে অভিভাৱক মন্ত্ৰী সঞ্জয় কিষানে ৷ এই সন্দৰ্ভত তেওঁ কয়, জলজীৱন আঁচনি ৰূপায়নৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে যাতে বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ৷ অতি সোনকালে বিশুদ্ধ কোৱা পানীৰ ব্যৱস্থা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.