লখিমপুৰ, 1 ছেপ্টেম্বৰ : লখিমপুৰৰ ফুলবাৰীত ভয়ংকৰ পৰিস্থিতি । অৰুণাচলৰ ভূমিত অসমীয়া লোকে গৰু বন্ধাক লৈ সংঘাত । জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী ১ নং ধেমাগড় সোণোৱাল গাঁৱত অসমৰ ভূমি বেদখল কৰি বৃহৎ বসতি স্থাপন কৰি আহিছে অৰুণাচলী লোকে ৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত ভিন্ন সময়ত সংঘাতৰ সৃষ্টি হৈ আহিছে ৷
এই সংগাতে যোৱা ৩১ আগষ্টত ভয়ংকৰ ৰূপ ধাৰণ কৰে । সোণোৱাল গাঁৱৰ স্থানীয় নিৱাসী প্ৰশান্ত সোণোৱালে সমীপৰে অৰুণাচলীয়ে বেদখল কৰা ভূমিত গৰুৰ এৰাল দিবলৈ যাওঁতে বাধা প্ৰদান কৰে অৰুণাচলীয়ে । যাক লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিষয়টো মীমাংসাৰ বাবে মঙলবাৰে ধেমাগড় জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত দুয়ো পক্ষৰ লোকক লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । কিন্তু সভা চলি থকাৰ মাজতে ভুক্তভোগী প্ৰশান্ত সোণোৱালক শাৰীৰিকভাৱে অপদস্ত কৰে এগৰাকী অৰুণাচলী মহিলাই । এই ঘটনাক লৈ সমগ্ৰ ফুলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৰুণাচলীৰ আগ্ৰাসন অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ।
লগতে পঢ়ক : বিকশিত অসম: পথৰ দুৰৱস্থাৰ বাবে ঠেলাৰে কঢ়িয়ালে ৰোগীক