ETV Bharat / state

Flood in Lakhimpur : বানৰ কৱলত লখিমপুৰৰ বিভিন্ন অঞ্চল - বাৰিষাৰ প্ৰথমটো বানৰ কৱলত লখিমপুৰ

লখিমপুৰৰ বান সমস্যা(Flood in Lakhimpur) চিৰদিনীয়া ৷ আজিলৈকে জিলাখনত বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ বাৰিষাৰ প্ৰথমটো বানৰ কৱলত(Different parts of Lakhimpur effected by floods) পৰিছে জিলাখনৰ ভিন্ন অঞ্চল ৷

different-parts-of-lakhimpur-effected-by-floods
বানৰ কবলত লখিমপুৰৰ বিভিন্ন অঞ্চল
author img

By

Published : Apr 24, 2022, 1:39 PM IST

লখিমপুৰ, 24 এপ্ৰিল : ৰাজ্যৰ প্ৰথমটো বানৰ কৱলত(Different parts of Lakhimpur effected by floods) পৰিছে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল ৷ লখিমপুৰৰ বান সমস্যা চিৰদিনীয়া ৷ আজিলৈকে জিলাখনত বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ মাৰ্চ মাহৰ শেষৰচোৱা সময়ৰ পৰা বৰ্তমানলৈকে ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে নদী-উপনদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷

চলিত বৰ্ষতো বৰ্ষাকাল আৰম্ভ নৌহওঁতেই বানৰ কৱলত পৰিছে লখিমপুৰ(Flood in Lakhimpur) ৰ বিভিন্ন অঞ্চল ৷ জিলাখনৰ হাৰমতি, বান্দৰদেৱাৰ লগতে আন বহু ঠাই এতিয়া বানৰ কৱলত ৷ পিছলা নদীৰ বানত ভোগপুৰ, জয়পুৰ, শান্তিপুৰ আদি ঠাইৰ কৃষিভূমি বিনষ্ট হোৱা দেখা গৈছে ৷ ভোগপুৰৰ একাংশ বিদ্যালয়, মাছৰ বজাৰ আদিও বানে বুৰাই পেলাইছে ৷

বানৰ কবলত লখিমপুৰৰ বিভিন্ন অঞ্চল

ইফালে ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলতে পৰিস্থিতি শোচনীয় হোৱাৰ আশংকা কৰা হৈছে ৷ বানৰ কৱলত পৰিছে হাৰমতীৰ সাপ্তাহিক মাছৰ বজাৰ ৷ যাৰবাবে সমস্যাৰ সন্মুখীন হৈছে গ্ৰাহকৰ লগতে মৎস্য ব্যৱসায়ীসকল ৷ সম্প্ৰতি জিলাখনৰ ঠায়ে ঠায়ে এনে অৱস্থা দেখি আতংকিত হৈ পৰিছে সাধাৰণ লোকসকল ৷

লগতে চাওক: বান-গৰাখহনীয়াৰ বাবে সলনি হ'ব ধৰিছে অসমৰ ভৌগোলিক মানচিত্র

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.