ETV Bharat / state

অস্তিত্বৰ সংকটত ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ - ঢকুৱাখানা ৰেচম গৱেষণা কেন্দ্ৰ

দুই দশক ধৰি বন্ধ গৱেষণাৰ কামঃ নিৰ্বিকাৰ ৰেচম বিভাগ

অস্তিত্বৰ সংকটত ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ
author img

By

Published : Mar 27, 2019, 9:28 AM IST

লখিমপুৰ , 27 মাৰ্চঃক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ । চকুৰ সন্মুখতে উৱলিছে গৱেষণা কেন্দ্ৰৰ গৃহ, গৱেষণাৰ সা-সামগ্ৰী । ৰাজ্য চৰকাৰৰ ৰেচম বিভাগ আৰু ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱ দলেৰ ৰেচম গৱেষণা কেন্দ্ৰটোৰ প্ৰতি অনীহা প্ৰদৰ্শনৰ বাবে গৱেষণা কেন্দ্ৰটোঅস্তিত্বৰ সংকটত ভুগাৰ অভিযোগ উত্থাপিত হৈছে ৷

অস্তিত্বৰ সংকটত ঢকুৱাখানাৰ ৰেচম গৱেষণা কেন্দ্ৰ

এৰীপাট আৰু মুগা উৎপাদনত কৃষক সকলক সহায় কৰাৰ লগতে ঢকুৱাখানা ৰেচম ক্ষেত্ৰ খনক আৰু অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যে ১৯৬৬ চনত ঢকুৱাখনাত স্থাপন কৰা হৈছিল এই ৰেচম গৱেষণা কেন্দ্ৰটো । গৱেষণাৰ জৰিয়তে ঢকুৱাখানা ৰেচম কেন্দ্ৰই ঢকুৱাখানাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পলু পালক সকলক উন্নত মানৰ সঁচ চিনাক্তকৰণৰ সমান্তৰালভাৱে পলুৰ মাজত দেখা দিয়া অচিন ৰোগ নিৰাময়ৰ উপায় দিছিল । কিন্তু বিগত দুই দশকৰো অধিক কালৰ পৰা বন্ধ হৈ আছে গৱেষণাৰ কাম-কাজ । কেন্দ্ৰটোৰ প্ৰথম গৰাকী বিষয়া-গৱেষকৰ অৱসৰ গ্ৰহণৰ পাচত নিযুক্তি দিয়া নাই কোনো বিষয়া তথা গৱেষকক । ইপিনে মেৰামতি আৰু যতনৰ অভাৱত উৱলি যোৱা গৱেষণা কেন্দ্ৰৰ গৃহ আৰু গৱেষণা সামগ্ৰীৰ ৰখীয়া হৈ আছে মাত্র পাঁচ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । শেহতীয়াকৈ ঢকুৱাখানাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ সম্প্ৰসাৰণ বিষয়া প্ৰদীপ মিশ্ৰই কেন্দ্ৰ টোৰ চোৱা-চিতাৰ দায়িত্ব লৈছে ৷

ইফালে ঢকুৱাখনাত পলুৰ মাজত সঘনাই দেখা দিয়া অচিন ৰোগে পলু পালক সকলৰ মাজত প্ৰত্যাহ্বান হিচাপে দেখা দিয়াৰ পাচতো বিষয়টোৰ ওপৰত সদায় উদাসীনতা প্ৰকাশ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক তথা মন্ত্ৰী নৱ দলেৰ ওপৰত । আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখানাটো ঘৰে ঘৰে গঢ়ি উঠা ক্ষুদ্র চাহ বাগান সমূহে ঢকুৱাখানাৰ মুগা খেতিলৈ কঢ়িয়াই আনিছে প্ৰত্যাহ্বান। কাৰণ চাহ খেতিয়ক সকলে বাগানত প্ৰয়োগ কৰা অপতৃণ নাশকৰ বাবে মুগা পলুৰ মাজত দেখা দিয়া বিপৰ্যয়ৰফলত পলু পালক সকলে লোকচানৰ সন্মুখীন হয় । এনে সময়ত ৰেচম গৱেষণা কেন্দ্ৰৰ দৰে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ সক্ৰিয় হৈ থকাটো প্ৰয়োজন। সেয়ে ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰ খনৰ স্বাৰ্থত এই কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ দাবী তুলিছে ঢকুৱাখানাৰ সচেতন মহলে ৷

Intro:Anchor Intro:অস্তিত্বৰ সংকটত ঢকুৱাখনাৰ ৰেচম গৱেষণা কেন্দ্ৰ। দুই দশকৰে বন্ধ গৱেষণাৰ কাম।উৱলিছে গৃহ-গৱেষণাৰ সামগ্ৰী।চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চম্ভালে সকলো।নিৰ্বিকাৰ ৰেচম বিভাগ,জন প্ৰতিনিধি।চাও আহক আমাৰ এক প্ৰতিবেদন।Body:V.O:ৰাজ্য চৰকাৰৰ ৰেচম বিভাগ আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা মন্ত্রী নৱ দলৰ চূড়ান্ত উদাসীনতাৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে ঢকুৱাখনা ৰেচম গৱেষণা কেন্দ্ৰ।ৰাজ্যৰ লগতে প্ৰচুৰ সম্ভাৱনাময় ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰ খনক গতিশীলতা প্ৰদানৰ সহায়ক হোৱাকৈ স্থাপন কৰা ঢকুৱাখনাৰ ৰেচম কেন্দ্ৰৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই দীৰ্ঘ-দিনে প্ৰদশন কৰি অহা অনীহাৰ বাবে এতিয়া অস্তিত্বৰ সংকটত।পৰিতাপৰ কথা যে ৰাজ্য চৰকাৰৰ বিয়াগোম ৰেচম বিভাগটোৰ অনীহা আৰু ঢকুৱাখনা বিধায়ক তথা মন্ত্রী নৱ দলৰ চূড়ান্ত অমনোযোগিতাৰ বাবে চকুৰ সন্মুখতে উৱঁলি গৈছে গৱেষণা কেন্দ্ৰৰ গৃহ,গৱেষণাৰ সা-সামগ্ৰী।বিগত দুই দশকৰো অধিক সময় বন্ধ হৈ আছে গৱেষণাৰ কাম-কাজ।উল্লেখযোগ্য যে ৰাজ্যৰ লগতে এৰী,পাট আৰু মুগা উৎপাদনত চহকী ঢকুৱাখনা কৃষক সকলক সহায় কৰাৰ লগতে ঢকুৱাখনা ৰেচম ক্ষেত্ৰ খনক আৰু অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যই ঢকুৱাখনাত ১৯৬৬ চনত স্থাপন কৰা হৈছিল এই ৰেচম গৱেষণা কেন্দ্ৰটো।স্থাপনৰ পৰাই ইয়াত পূৰ্ণোদ্যমে চলিছিল গৱেষণাৰ কাম -কাজ।গৱেষণাৰ জৰিয়তে ঢকুৱাখনা ৰেচম কেন্দ্ৰই ঢকুৱাখনাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পলু পালক সকলক উন্নত মানৰ সঁচ চিনাক্তকৰণৰ সমান্তৰালভাৱে  পলুৰ মাজত দেখা দিয়া অচিন ৰোগ নিৰাময়ৰ উপায় দিছিল।ফলত বহু পৰিমানে সকাহ পাইছিল পলু পালক সকলে।ৰাজ্যৰ মুগা পালক সকলক সহায়ক হোৱা এনে এটা গুৰুত্বপূৰ্ণ গৱেষণা কেন্দ্ৰ অধিক গতিশীল কৰি তোলাৰ বিপৰীতে ধ্বংসৰ দিশলৈ ঠেলি দিছে ৰাজ্যৰ ৰেচম বিভাগে।কেন্দ্ৰ টোৰ প্ৰথম গৰাকী বিষয়া-গৱেষকৰ অৱসৰ গ্ৰহণৰ পিছত দুই দশকৰো অধিক কাল নিযুক্তি দিয়া নাই কোনো বিষয়া -গৱেষক।মেৰামতি আৰু যতনৰ অভাৱত উৱঁলি যোৱা গৱেষণা কেন্দ্ৰৰ গৃহ আৰু গৱেষণা সামগ্ৰীৰ ৰখীয়া হৈ আছে মাত্র পাঁচ জন চতুৰ্থ বৰ্গ কৰ্মচাৰী।জানিব পৰামতে শেহতীয়াকৈ ঢকুৱাখনাৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ সম্প্ৰসাৰণ বিষয়া প্ৰদীপ মিশ্ৰই কেন্দ্ৰ টোৰ চোৱা কৰা দায়িত্ব লৈ আছে।আনহাতে আন পাঁচ জন চতুৰ্থ বৰ্গৰ কর্মচাৰীয়ে চম্ভালি আছে সকলো দায়িত্ব।ইফালে ঢকুৱাখনাত পলুৰ মাজত সঘনাই দেখা দিয়া অচিন ৰোগে পলু পালক সকলৰ মাজত প্ৰত্যাহ্বান হিচাপে দেখা দিয়াৰ পিছতো বিষয়টোৰ ওপৰত সদায় উদাসীনতা প্ৰকাশ কৰি আহিছে বিধায়ক তথা মন্ত্ৰী নৱ দলে।আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাটো ঘৰে ঘৰে গঢ়ি উঠা ক্ষুদ্র চাহ বাগান সমূহে ঢকুৱাখনাৰ মুগা খেতিলৈ আনিছে বিৰাট প্ৰত্যাহ্বান।কাৰণ চাহ খেতিয়কে জধে-মধে বাগানত প্ৰয়োগ কৰা অপতৃণ নাশক আৰু কীট নাশক প্ৰয়োগৰ ফলত মুগা পলুৰ মাজত দেখা দিয়া বিঘিনীয়ে পলু পালকৰ সন্মুখত বিৰাট সমস্যাৰে দেখা দিয়াৰ লগতে লোকচানৰ মুখা মুখি হয়।এনে সময়ত এনে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ সক্ৰিয় হৈ থকাটো প্ৰয়োজন।কিন্তু পৰিবৰ্তনৰ শ্লগানেৰে দুবাৰকৈ ঢকুৱাখনাৰ বিধায়ক হৈ মন্ত্ৰী হোৱা নৱ দলেৰ এনে বিষয়ৰ প্ৰতি প্ৰদশন কৰা উদাসীনতাই চকু কপালত তুলিছে ঢকুৱাখনাৰ সচেতন মহলক।সোণালী সূতাৰ দেশ হিচাপে খ্যাত ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰ খনৰ স্বাৰ্থত এই কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ দাবী তুলিছে ঢকুৱাখনাৰ ৰাইজে।Conclusion:Bite:কৰ্মচাৰী।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।

৯১০১৩১০৮২৩
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.