ETV Bharat / state

Scam in Arunodaya Scheme: নাৰায়ণপুৰত অৰুণোদয় আঁচনিৰ নাম কৰ্তনত অনিয়ম

author img

By

Published : Oct 20, 2022, 8:17 PM IST

অৰুণোদয় আঁচনিয়ে (Arunodaya Scheme in Assam) মহিলা সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যদিও উক্ত আঁচনিত বহু ধনী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । এতিয়া এমহীয়া অৰুণোদয় মাহ কাৰ্যসূচীৰ পিছতো অনিয়ম সংঘটিত হোৱাৰ লগতে বঞ্চিত হোৱা বুলি নাৰায়ণপুৰৰ বহু দৰিদ্ৰ হিতাধিকাৰীয়ে অভিযোগ উত্থাপন কৰিছে ।

Scam in Arunodaya Scheme
নাৰায়ণপুৰত অৰুণোদয় আঁচনিৰ নাম কৰ্তনত অনিয়ম

বিহপুৰীয়া, ২০ অক্টোবৰ: ৰাজ্য় চৰকাৰে দাবী কৰা অনুসৰি অৰুণোদয় আঁচনিয়ে হাঁহি বিৰিঙাইছে ৰাজ্যৰ মহিলাসকলৰ মুখত । কিন্তু চৰকাৰৰ এই দাবীৰ পৰিৱৰ্তে এতিয়াও বহুসংখ্যক মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ পৰা । লখিমপুৰ জিলাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকল ওলাই আহিল প্ৰতিবাদৰ বাবে (deprived women of Arunodaya scheme protest)।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৰুণোদয় (Allegation of scam in Arunodaya scheme) আঁচনিৰ নাম কৰ্তন কৰাত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত বাদ পৰিল বহু সংখ্যক দৰিদ্ৰ পৰিয়াল । চৰকাৰৰ এমহীয়া অৰুণোদয় মাহ (Arunodaya Month in Assam) কাৰ্যসূচীৰ সময়ছোৱাত নাম কৰ্তনৰ কাম চলিল যদিও নাৰায়ণপুৰত যিসকল হিতাধিকাৰীৰ (scam in Arunodaya scheme at Narayanpur) আৰ্থিক অৱস্থা পূৰ্বৰ সৈতে একেই আছে তেওঁলোকৰ নাম আঁচনিৰ পৰা কৰ্তন কৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে যিসকল হিতাধিকাৰী এই আঁচনিত আছে তেওঁলোকৰ ঘৰত গৈ চৰকাৰী চাকৰি পাইছে নেকি, গাড়ী কিনিছে নেকি আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব লাগে । যদি পূৰ্বৰ তুলনাত আৰ্থিকভাৱে তনকীয়াল হৈছে, তেন্তে সেইসকলৰ নাম কৰ্তন কৰি তেওঁলোকৰ ঠাইত আন দুখীয়া লোকক অৰুণোদয় আঁচনিত অন্তভূৰ্ত কৰিব লাগে ৷

চৰকাৰীভাৱে যিসকলক অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালক পুনঃনিৰীক্ষণ (Review of Arunodaya Scheme) কৰিবলৈ দিয়া হৈছিল সেইসকল লোকে একাংশ লোকৰ ছত্ৰছায়াত এঘৰতে বহি পৰিয়ালৰ তথ্যসমূহ পৰ্যবেক্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

উত্থাপিত অভিযোগ মতে, নাৰায়ণপুৰৰ চেঁচা মিছিং গাঁৱৰ অতি দৰিদ্ৰলোকৰ নাম কৰ্তন হৈছে ৷ সেযেহে পূৰ্বৰ একে পৰিৱেশতে থকা এইসকল দৰিদ্ৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এইসকল দৰিদ্ৰ মহিলাই তেওঁলোকক পুনঃনিৰীক্ষণ কৰি আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ।

লগতে পঢ়ক:Congress react on NRC: এন আৰ চিক লৈ অসমৰ ৰাইজক ৰাম-ঠগন দিলে বিজেপি চৰকাৰে : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.