লখিমপুৰ, 30 আগষ্ট : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে বন্ধ কৰাৰ দাবীত দেওবাৰে লখিমপুৰ নগৰৰ মাজমজিয়াত অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে লখিমপুৰ-ধেমাজি-মাজুলীবাসীৰ জীৱন-সম্পত্তি সুনিশ্চিত নকৰালৈকে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰৰ লগতে NHPC ৰ কৰ্তৃপক্ষক সকিয়নী প্ৰদান কৰে ৷
![protest Against big dam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12914805_klm.jpg)
প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে ৷ তেওঁলোকে প্ৰায় ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে । বান্ধটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে সংগঠনটোৰ সদস্যসকলে প্ৰয়োজনত প্ৰাণ দিবলৈও সাজু বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ৷
উল্লেখ্য যে, অন্যতম বৃহৎ নদীবান্ধৰূপে চিহ্নিত হোৱা বহু বিতৰ্কিত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰাৰ দাবীত বিগত দুটা দশক ধৰি ৰাইজ তথা বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ-আন্দোলনৰে উত্তাল কৰি ৰাখিছে লখিমপুৰ আৰু ধেমাজি জিলা ।
![protest Against big dam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12914805_lkh.jpg)
লগতে পঢ়ক : গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটাকৈ দুধৰ্ষ ডকাইত
হিমালয়ৰ পাদদেশৰ ভূমিকম্পপ্ৰবণ এই অঞ্চলটোত দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ মুঠেও সুৰক্ষিত নহয় আৰু ভবিষ্যতে বান্ধ ভাগি উত্তৰ অসম মহাসাগৰত পৰিণত হোৱাৰ শংকাত ৰাজ্যৰ জনতা তথা দল-সংগঠনসমূহে বান্ধটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ কিন্তু বিগত দুটা দশকত চৰকাৰে জনমতক আওকাণ কৰি বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈহে উঠি পৰি লাগিছে । যাৰ সমান্তৰালভাবে প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে ৷
শেহতীয়াকৈ নিৰ্মীয়মান এই বান্ধটোৱে পানী বহন কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ ফলত বান্ধৰ ওপৰেদি বাগৰি অহা পানীয়ে লখিমপুৰৰ বিভিন্ন অঞ্চলত ধ্বংসযজ্ঞৰ সূচনা কৰে । বান্ধটোৰ নিৰ্মাণৰ কাম সম্পূর্ণ নৌহওঁতেই এনেদৰে জিলাখনক বিধ্বস্ত কৰাত ৰাইজ তথা সংগঠনসমূহ জাঙুৰ খাই উঠিছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠনে চৰকাৰ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধিক্কাৰ দি প্ৰকল্পটো বন্ধ কৰিবই লাগিব বুলি হুংকাৰ দিছে । এই প্ৰতিবাদ প্ৰায় প্ৰতিদিনে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে ৷
লগতে পঢ়ক : হাতত স্মাৰ্টফোন লৈ হকে-বিহকে প্ৰশ্ন কৰা মানে সাংবাদিকতা নুবুজায় : প্ৰমোদ বড়ো