ETV Bharat / state

লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠানত একাংশৰ উদ্ভণ্ডালি

author img

By

Published : May 7, 2022, 2:06 PM IST

Updated : May 7, 2022, 2:21 PM IST

লখিমপুৰ নগৰৰ খেলপথাৰত আয়োজন কৰা হৈছিল ৰঙালী উৎসৱ ৷ এই উৎসৱৰ শুকুৰবাৰৰ নিশাৰ মুখ্য আকৰ্ষণ আছিল শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান(Cultural night of Zubeen Garg in Lakhimpur) ৷ কিন্তু তেনেকুৱাতে একাংশ দৰ্শকে মঞ্চলৈ বুলি উদ্দেশ্য কৰি দলিয়াই শিল, পানীৰ বটল আৰু জোতা-চেন্দেল ৷ আনফালে, উদণ্ড এচাম দৰ্শকে ভাঙিলে বিহুতলীত দিয়া বেৰিকেড ৷

cultural-night-of-zubeen-garg-in-lakhimpur-went-unpleasant
লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠানত একাংশৰ উদ্ভণ্ডালি

লখিমপুৰ, 7 মে’: সংগীতশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বেমেজালি ৷ দুবছৰৰ পিছত এইবেলি পুনৰ আৰম্ভ কৰা হৈছে ৰঙালী বিহুৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়া ৷ কিন্তু শিল্পীগৰাকীৰ ইখনৰ পিছত সিখনকৈ অনুষ্ঠানত সৃষ্টি হৈছে বিশৃংখলাৰ ৷

এইবাৰৰ ঘটনাৰ স্থান লখিমপুৰ ৷ শুকুৰবাৰে নিশা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ অনুষ্ঠানত সৃষ্টি হ’ল এনে এক বিশৃংখল পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, লখিমপুৰ নগৰৰ খেলপথাৰত আয়োজন কৰা হৈছিল ৰঙালী উৎসৱ ৷ এই উৎসৱৰ শুকুৰবাৰৰ নিশাৰ মুখ্য আকৰ্ষণ আছিল শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ এটাৰ পিছত এটাকৈ গীতেৰে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল শিল্পীগৰাকীয়ে ৷

কিন্তু তেনেকুৱাতে একাংশ দৰ্শকে মঞ্চলৈ বুলি উদ্দেশ্য কৰি দলিয়াই শিল, পানীৰ বটল আৰু জোতা-চেন্দেল ৷ আনফালে, উদণ্ড এচাম দৰ্শকে ভাঙিলে বিহুতলীত দিয়া বেৰিকেড(Cultural night of Zubeen Garg in Lakhimpur) ৷ শিল্পীগৰাকীয়ে উপস্থিত দৰ্শকক এনে কাণ্ড নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে বহুসময় ধৰি গীত পৰিৱেশনৰ পৰা বিৰত থাকে ৷

অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ তদুপৰি অনুষ্ঠানৰ শেষত একাংশ দৰ্শকে নিজ নিজ জোতা-চেণ্ডেল বিচাৰি হাহাকাৰ কৰা দেখা যায় ৷

লগতে চাওক: ৰাজহ ঘাটিৰ অনুদান : অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্ৰৰ

Last Updated : May 7, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.