ETV Bharat / state

CPI Leader : মিত্ৰতাৰ বান্ধোনত বান্ধ খোৱা নাই, কিন্তু এটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব দাবী বামপন্থীৰ

লোকসভা নির্বাচনক কেন্দ্ৰ কৰি তৎপৰ চিপিআই ৷ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিব চি পি আইয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:19 PM IST

CPI Leader
মিত্ৰতাৰ বান্ধোনত বান্ধ খোৱা নাই
মিত্ৰতাৰ বান্ধোনত বান্ধ খোৱা নাই

লখিমপুৰ, 31 আগষ্ট : সমাগত লোকসভা নির্বাচন । তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহো ৷ প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল । নিৰ্বাচনক কেন্দ্র কৰি শাসক বিৰোধীৰ মাজত চলিছে না না জল্পনা-কল্পনা । শাসকীয় বিজেপি দলে যেনেদৰে পুনৰ ক্ষমতা লৈ অহাৰ কৌশল ৰচনা কৰিছে তাৰ বিপৰীতে বিৰোধী শিবিৰেও শাসকীয় দলটোক উৎখাত কৰাৰ ৰণনীতি প্ৰস্তুত কৰিছে । 28 বিভিন্ন বিৰোধী দল একগোট হৈছে । INDIA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল হ’ল চিপিআই ।

আকাশত চাং পাতিছে চি পি আইয়ে ৷ মিত্ৰতাই ‘ক’ কৰোতে সমষ্টি সমষ্টিৰ জল্পনা কল্পনা কৰি বহু দূৰ পালেগৈ বামপন্থী দলে ৷ চিপিআই দলে এটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত লৈছে । যোৱা ১৯ আৰু ২০ আগষ্টত গুৱাহাটীৰ ৰাজগড়ত অনুষ্ঠিত হোৱা চিপিআইৰ ৰাজ্যিক পৰিষদৰ সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় । দলৰ ৰাষ্ট্ৰীয় সম্পাদক পল্লৱ সেন গুপ্তসহ কেইবাজনো ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত লখিমপুৰ, কাজিৰঙা আৰু যোৰহাট এই তিনিটা সমষ্টিৰ ভিতৰত এটাত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত লয় ।

চিপিআইৰ লখিমপুৰ জিলা শাখাৰ সম্পাদক তথা অধিবক্তা অৰূপ কলিতাই এই সন্দৰ্ভত কয়,‘‘ বিজেপিয়ে যি হাৰত জনসাধাৰণক হাৰাশাস্তি প্ৰদান কৰিছে সেয়াই আগন্তুক লোকসভাৰ নিৰ্বাচনত দলটোৱে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । চিপিআইয়ে বিৰোধী শিবিৰত থাকি বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে এটা সমষ্টিত নিজা প্ৰাৰ্থীৰে যুজ দিব । চিপিআইয়ে প্ৰাৰ্থিত্ব দিবলৈ সিদ্ধান্ত লোৱা সমষ্টি কেইটাৰ ভিতৰত লখিমপুৰ লোকসভা সমষ্টি প্ৰথম স্থানত আছে ।’’ কংগ্রেছ সাংসদ ৰাণী নৰহক সমালোচনা কৰি কৰি তেওঁ কয়ৱ যে নৰহৰ বিৰুদ্ধে সমষ্টিটোত নৰহ বিৰোধী ঢৌ আছে । গতিকে বিৰোধী শিবিৰে এই সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী দিলে ক্ষতিৰ সন্মুখীন হ’ব । সেয়ে চিপিআইৰ প্ৰাৰ্থীক বিৰোধী শিবিৰে সমৰ্থন দিলে সমষ্টিটো নিশ্চিতভাবে শাসকীয় দলৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিব ।

লগতে পঢ়ক:Assam flood 2023: বানত উপায়হীন বিহপুৰীয়াৰ ৰাইজ, পথৰ দাঁতিতে সম্পন্ন কৰিছে মহিলাৰ শেষকৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.