ETV Bharat / state

CPI protest in Lakhimpur : লখিমপুৰত CPI ৰ গৰ্জন - সোৱণশিৰি নদীবান্ধৰ গাঁথনিগত পৰিৱৰ্তন

মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি চিপিআই দলে জিলা সদৰসমূহত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । আন জিলাৰ দৰে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চিপিআইয়ে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷

CPI protest in Lakhimpur
লখিমপুৰত চিপিআইৰ বিক্ষোভ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 3:04 PM IST

লখিমপুৰত CPI ৰ বিক্ষোভ

লখিমপুৰ, ৭ নৱেম্বৰ : লখিমপুৰত চিপিআইৰ বিক্ষোভ । নদীবান্ধ বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ তদন্ত দাবীত মঙলবাৰে সমগ্ৰ ৰাজ্যত জিলাই জিলাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে । ৰাজ্যৰ আন জিলাসমূহৰ সমান্তৰালকৈ লখিমপুৰতো চিপিআইৰ জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

চিপিআইৰ জিলা কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে বিক্ষোভ প্ৰদর্শন কৰে । বৃহৎ নদীবান্ধ বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ তদন্ত কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ ।

CPI protest in Lakhimpur
লখিমপুৰত চিপিআইৰ বিক্ষোভ

বিক্ষোভকাৰীসকলে বৃহৎ নদীবান্ধ প্ৰসংগত চৰকাৰৰ লগতে লখিমপুৰৰ বিধায়ক মানৱ ডেকা, মন্ত্ৰী ডাঃ ৰণোজ পেগুক ধিক্কাৰ দি কঠোৰ সমালোচনাও কৰে । মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেলেংকাৰী কৰি আনকো কেলেংকাৰী কৰিবলৈ উৎসাহ যোগোৱা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । লগতে মঙলাবৰে এই বিক্ষোভত অংশগ্ৰহণ কৰি চিপিআইৰ লখিমপুৰ জিলা পৰিষদৰ সম্পাদক অৰূপ কলিতাই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘ভাৰত চৰকাৰৰ অধীনত থকা NHPC য়ে এই শতিকাৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত সোৱণশিৰি নদীত কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । অৰুণাচল প্ৰদেশৰ ঠুনুকা শিলা স্তৰৰ ওপৰেদি প্ৰবাহিত আৰু ভূকম্প অধ্যুষিত অঞ্চলত বহু প্ৰতিবাদ স্বত্বেও এনে বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য NHPC য়ে অব্যাহত ৰাখিলে’’ ।

লগতে তেওঁ কয়, ‘‘২৭ অক্টোবৰ তাৰিখে ভূমিস্খলন হৈ ডাইভাৰচন টানেল বন্ধ হোৱাত NHPC ত অনাকাংক্ষিতভাৱে বান্ধত পানী জমা হৈ নদীৰ নামনি অংশত পানী সম্পূর্ণভাৱে শুকাই যায় । ইয়াৰ ফলত নদীখনৰ নামনি অংশৰ জনগণৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জৈৱ বৈচিত্ৰৰ ওপৰতো প্ৰচণ্ড ভাবুকি আহি পৰিছে’’ ।

এই প্ৰতিবাদৰ জৰিয়তে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ লখিমপুৰ জিলা পৰিষদে নদীবান্ধ নিৰ্মাণ সম্পৰ্কীয় সকলো দিশ বিশেষজ্ঞ কমিটিৰ জৰিয়তে অনুসন্ধান কৰি বিজ্ঞান সন্মতভাৱে সোৱণশিৰি নদীবান্ধৰ গাঁথনিগত পৰিৱৰ্তন সাধন কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Tea worker injured : মৰিয়নী দিচৈ চাহ বাগিচাত অঘটন; কলঘৰৰ পুৰণি কলীয়া মেচিন পৰি আঘাতপ্ৰাপ্ত শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.