ETV Bharat / state

ক’ভিডৰ সংক্ৰমণে শংকিত কৰিছে লখিমপুৰবাসীক

author img

By

Published : Jan 21, 2022, 1:37 PM IST

ক'ভিডৰ সংক্ৰমণে এতিয়া ৰাজ্যত সৃষ্টি কৰিছে এক ভয়াৱহ পৰিৱেশ (Covid positive cases rapidly increasing in Assam) ৷ আন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো বৃদ্ধি হৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid situation is critical in Lakhimpur) ৷ বৃহস্পতিবাৰে স্বাস্থ্যবিভাগৰ তথ্য অনুসৰি, বিগত 24 ঘণ্টাত লখিমপুৰত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে 238 জন লোক ৷

covid-situation-is-critical-in-lakhimpur
http://10.10.50.80:6060///finalout3/assam-nle/finalout/21-January-2022/14241915_lakhim.mp4

লখিমপুৰ, 21 জানুৱাৰী : দৈনিক বৰ্ধিত ক’ভিড সংক্ৰমণৰ হাৰে উদ্বিগ্ন কৰিছে ৰাজ্যবাসীক (Covid positive cases rapidly increasing in Assam) ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ আঠখন জিলাত ক’ভিড পৰিস্থিতি জটিলৰ দিশে (Covid situation is critical in eight districts of Assam) গতি কৰিছে ৷ ইয়াৰ মাজতে লখিমপুৰতো ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে (Covid situation is critical in Lakhimpur) ৷

বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid update in Assam) ৷ এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 7929 জন ৷ লগতে বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ 12 জন লোকৰ মৃত্যু হৈছে ৷

লখিমপুৰত ভয়াৱহ ৰূপত ক'ভিডৰ সংক্ৰমণ

ইয়াৰোপৰি বৃহস্পতিবাৰে স্বাস্থ্যবিভাগৰ তথ্য অনুসৰি, বিগত 24 ঘণ্টাত লখিমপুৰত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে 238 জন লোক ৷ জিলাখনত এই পৰ্যন্ত সৰ্বমুঠ 14,383 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ লগতে বিগত 10 দিনত 1,221 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷

ইতিমধ্যে জিলাখনৰ পাঁচ লক্ষাধিক লোকক ক'ভিডৰ ভেকছিন প্ৰদান কৰা হৈছে ৷ বৃহস্পতিবাৰে জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহেন্দ্ৰ দাসে লখিমপুৰবাসীক ক'ভিডৰ নীতি-নিৰ্দেশনা মানি চলাবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, জিলাখনত ক'ভিডৰ প্ৰথমটো ঢৌত 59 জন, দ্বিতীয়টো ঢৌত 133 জন লোক আৰু তৃতীয়টো ঢৌত এজনৰ মৃত্যু হৈছে ৷ জিলাখনত এই পৰ্যন্ত ক'ভিডত আক্ৰান্তৰ সংখ্যা 193 জনলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : Covid update in Assam : বৃহস্পতিবাৰে ৰাজ্যত 7929 জন লোক ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.