ETV Bharat / state

ধলপুৰত ভেকচিন কেন্দ্ৰত ক’ভিড প্ৰট’কল ভংগ

লখিমপুৰ জিলাৰ ধলপুৰত ভেকচিন ল'বলৈ অহা ৰাইজে ভংগ কৰিলে ক'ভিড প্ৰট'কল ৷ সামাজিক দূৰত্ব অবিহনেই ভেকচিন ল'বলৈ ৰাইজৰ হেতা-ওপৰা ৷ বহুতৰ মুখত নাই মাস্ক ৷

covid-protocol-voilation-at-dholpur
ধলপুৰত ভেকচিন ল'বলৈ গৈ ক'ভিড প্ৰট'কল ভংগ ৰাইজৰ
author img

By

Published : May 10, 2021, 3:23 PM IST

বিহপুৰীয়া,10 মে': লখিমপুৰ জিলাৰ ধলপুৰত ভেকচিন ল'বলৈ আহি ৰাইজে ভংগ কৰিলে ক'ভিড প্ৰট'কল ৷ ক'ভিড-১৯ ৰ ভেকচিন গ্ৰহণ কৰিবলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হ'ল লখিমপুৰৰ ধলপুৰ অসামৰিক চিকিৎসালয়ত ৷ সামাজিক দূৰত্ব অবিহনেই ভেকচিন ল'বলৈ ৰাইজে হেতা-ওপৰা লগায় ৷ বহুতৰ মুখত পৰিলক্ষিত নহ’ল মাস্ক ৷

লখিমপুৰ জিলাত শেহতীয়াকৈ দ্ৰুতগতিত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এখন চিকিৎসালয়ত সৃষ্টি হোৱা এনে পৰিৱেশে নিশ্চিতভাৱে ভয়ংকৰ ভৱিষ্যতৰ সূচনা কৰিছে ৷ এইক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাটোৱে তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.